IAS টিনা ডাবিয়ে বিচাৰি পালে জীৱনসংগী, দৰা কোন জানেনে?

প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ মাজত চৰ্চিত এক নাম টিনা ডাবি। ২০১৫ বৰ্ষৰ UPSC পৰীক্ষাৰ টপাৰ টিনা ডাবি পুনৰ এবাৰ চৰ্চালৈ আহিছে। ৰাজস্থানৰ বিত্ত মন্ত্ৰণালয়ৰ যুটীয়া সচিব ২৮ বছৰীয়া টিনাই দ্বিতীয় বিবাহৰ বাবে সাজু হৈছে। IAS বিষয়া প্ৰদীপ গৱাণ্ডেৰ সৈতে জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিব। গৱাণ্ডে বৰ্তমান ৰাজস্থান আৰ্কিঅলজী এণ্ড মিউজিয়ামৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আছে। ছচিয়েল মিডিয়াত এক্টিভ টিনা ডাবিয়ে ইতিমধ্যে সুখবৰ শ্বেয়াৰ কৰিছে। মই এই হাঁহি পিন্ধি আছো, যি তুমি বিলাই আছা বুলি কেপচন দি দুয়োৰে ৰঙা পোছাক পৰিহিত ফটো আপলোড কৰিছে। উল্লেখ্য যে, ২২ এপ্ৰিলত দুয়োৰে বিয়াৰ ৰিচেপচনৰ আয়োজন কৰিছে। জয়পুৰৰ এখন হোটেলত বিশেষ অতিথিৰ উপস্থিতিত সম্পন্ন হব আড়ম্বৰপূৰ্ণ অনুষ্ঠান।

মন কৰিবলগীয়া যে, ২০১৮ চনত IAS বিষয়া অতহৰ আমিৰৰ সৈতে বিবাহ হৈছিল যদিও দুয়োৰে বিবাহিত জীৱন সফল নহল। দুবছৰৰ পিছতে ২০২০ চনত জয়পুৰৰ এখন ফেমিলী কৰ্টত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। ২০২১ চনৰ আগষ্ট মাহত আনুষ্ঠানিকভাবে দুয়োগৰাকীয়ে সম্পূৰ্ণ পৃথক বুলি ঘোষণা কৰে। উল্লেখ্য যে, ২০১৫ চনত সৰ্বভাৰতীয় পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল টিনা ডাবিয়ে। সেই সময়ৰ প্ৰেমিক তথা প্ৰথম স্বামী অতহৰে দ্বিতীয় স্থান দখল কৰিছিল। মধ্যপ্ৰদেশৰ ভূপালত টিনা ডাবিয়ে জন্মগ্ৰহণ কৰিছিল যদিও বৰ্তমান টিনাৰ পৰিয়াল জয়পুৰৰ আৱাসী। বয়সত ১৩ বছৰ ডাঙৰ IAS বিষয়াগৰাকীৰে টিনাই আৰম্ভ কৰিব নতুন জীৱন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...