শিক্ষাগুৰুৰ পিছত এইবাৰ অংগনবাড়ী কৰ্মীৰ ‘বিদ্ৰোহ’, প্ৰাপ্যৰ দাবীত শদিয়াৰ পৰা ধুবুৰীলৈ উত্তাল প্ৰতিবাদ

ৰাজ্যজুৰি টেট শিক্ষকৰ প্ৰতিবাদৰ মাজতে এইবাৰ অঙ্গনৱাড়ী কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ গৰৈমাৰীত অঙ্গনৱাড়ী কৰ্মীৰ প্ৰতিবাদ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক কৰ্মী-সহায়িকাৰ এই প্ৰতিবাদী কাৰ্যসূচী৷ কেইবাটাও দাবীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। কৰ’না কালৰ পৰা বৰ্তমানলৈ নিজৰ জীৱনক তুচ্ছ কৰি বহু কষ্টৰে দায়িত্ব পালন কৰি আছে৷ কিন্তু এইসকল কৰ্মী-সহায়িকাক উপযুক্ত মাননি অথবা মৰ্যাদা প্ৰদান কৰাৰ পৰা ব্যৰ্থ হৈছে সমাজ কল্যাণ বিভাগ৷ যাৰ বাবে প্ৰাপ্য দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, মাহেকত কমেও ২১ হাজাৰ টকা মজুৰি দিয়া, চাকৰি নিয়মীয়াকৰণ, মিনি কেন্দ্ৰসমূহ পুৰ্নাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, অৱসৰৰ সময়ত এককালীন সাহায্য প্ৰদান কৰাৰ দাবী৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...