ধনশিৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে

ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ লাভলীনাৰ বৰগোহাঁইৰ আদিগুৰু তথা ধনশিৰি মহকুমাৰ সুযোগ্য সন্তান প্ৰশান্ত কুমাৰ দাসে। ৰাষ্ট্ৰীয় মোৱাথাই এছচিয়েছনে প্ৰশান্ত কুমাৰ দাস আৰু তিনিচুকীয়াৰ শুভম চৌধুৰীক অসম আৰু উত্তৰ-পূবৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব অৰ্পণ কৰিছে। আগন্তুক সময়ত উত্তৰ-পূব আৰু অসমৰ সকলো মোৱাথাই প্ৰশিক্ষাৰ্থীক আগুৱাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশিক্ষাৰ্থীক জিলিকাই তুলিবলৈ দুয়ো প্ৰতিজ্ঞাবদ্ধ হয়।

দিল্লীৰ পৰা আহি পুৱা সৰুপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে দুয়োকে উষ্ম আদৰণি জনাই ধনশিৰি মহকুমা বিভিন্ন দল-সংগঠনৰ লগতে এলিটমাছেল আৰ্ট একাডেমীৰ বিষয় ববীয়াসকলে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...