সৰস্বতী পূজাৰ দিনটোত ৰাজ্যত হ’ব পাৰে বৰষুণ!

বতৰে বিধি পথালি দিব সৰস্বতী পূজাৰ আনন্দ-উৎসাহত। ২৪ ঘণ্টাত ৰাজ্যত হ’ব পাৰে নেৰানেপেৰা বৰষুণ। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতাত উৎপত্তি হোৱা ধুমুহাই বাংলাদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ঠাইত চুই যোৱাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত হ’ব বৰষুণ। ২৪ ঘণ্টাত অসমৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণৰ সম্ভৱনা আছে।

ঠিক তেনেদৰে ৫ ফেব্ৰুৱাৰীত পশ্চিম অসমৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ উপৰিও অসমৰ কিছু কিছু ঠাইত নেৰানেপেৰা বৰষুণৰ হোৱা সম্ভৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য। যাৰ বাবে এতিয়া বতৰৰ বাবে ম্লান পৰিব পাৰে সৰস্বতী পূজাৰ আনন্দ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...