চিৰদিনৰ বাবে নুমাই যাব ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতি

দিল্লীৰ ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা এতিয়া চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব। এতিয়া এই অগ্নিশিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে একেলগে থাকিব। আজি আবেলি ৩.৩০ বজাত অনুষ্ঠিত হব লগা এক অনুষ্ঠানত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে একেলগ কৰা হ’ব। ইয়াৰ আঁৰৰ যুক্তি হিচাপে কোৱা হৈছে যে দুটা ঠাইত শিখা জ্বলাই ৰখাটো কঠিন হৈ পৰিছে। সেনাৰ সূত্ৰই সদৰি কৰা অনুসৰি দেশৰ শ্বহীদসকলৰ বাবে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ কৰা হৈছে, অমৰ জোৱান জ্যোতিত পৃথক পোহৰ জ্বলোৱা নহয়।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত সকলো শ্বহীদৰ নাম আছে, শ্বহীদসকলৰ পৰিয়াল ইয়ালৈ আহে। ২০১৯ৰ ২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে যুদ্ধ স্মাৰক উদ্বোধন কৰিছিল। ১৭৬ কোটি টকা ব্যয়েৰে ৪০ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক। আনহাতে, প্ৰথম বিশ্বযুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত ব্ৰিটিছ চৰকাৰে ইণ্ডিয়া গেট নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত ১৯৭২ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত অমৰ জোৱান জ্যোতি জ্বলাই ৰখা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...