৫ বছৰৰ তলৰ শিশুৰ বাবে জৰুৰী নহয় মাস্ক

চৰকাৰে শিশুৰ বাবে নতুন গাইডলাইন জাৰি কৰিছে। ৫ বছৰৰ কম বয়সৰ শিশুৰ বাবে মাস্ক জৰুৰী নহয়। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে নতুন গাইডলাইন। ইয়াৰ লগতে ৬ৰ পৰা ১১ বছৰ বয়স আৰু ১২ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবেও পৃথক নিৰ্দেশনা প্ৰকাশ কৰিছে। সেই অনুসৰি ছবছৰৰ পৰা ১১ বছৰৰ কিশোৰ-কিশোৰীয়ে মাস্ক পৰিধান কৰিব পাৰে। অৱশ্যে মাক-দেউতাক তথা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। ১২ বছৰ বা ১২ৰ অধিক বয়সৰ কিশোৰ-কিশোৰীয়ে পৰিধান কৰিব লাগিব মাস্ক। স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে যে ১২ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলে প্ৰাপ্তবয়স্কৰ দৰে মাস্ক পিন্ধিব লাগে। শেহতীয়াকৈ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষজ্ঞৰ এটা গোটে নিৰ্দেশনাবোৰ পৰ্যালোচনা কৰিছিল, বিশেষকৈ অ’মিক্ৰনৰ সংক্ৰমণ সন্দৰ্ভত। স্বাস্থ্য মন্ত্ৰণালয়ে কৈছে যে আন দেশৰ পৰা উপলব্ধ তথ্যই দেখুৱাইছে যে অ’মিক্ৰন প্ৰকাৰৰ দ্বাৰা হোৱা ৰোগ কম গুৰুতৰ। অৱশ্যে মহামাৰীৰ ঢৌ এতিয়াও শেষ হোৱা নাই, গতিকে সাৱধানে নিৰীক্ষণ কৰাৰ প্ৰয়োজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...