অৰ্ডাৰ দিয়া সামগ্ৰীৰ পৰিৱৰ্তে বিস্কুট, চাবোন, শিল পাইছে নেকি, তেন্তে কি কৰিব?

অনলাইন শ্বপিং কৰোতে প্ৰৱঞ্চনাৰ বলি হৈছে নেকি? অৰ্ডাৰ দিয়া সামগ্ৰীৰ পৰিৱৰ্তে বিস্কুট, চাবোন, শিল পাইছে নেকি? অনলাইন সামগ্ৰীত প্ৰৱঞ্চনা ৰোধৰ বাবে কঠোৰ হৈছে চৰকাৰ। এতিয়াৰে পৰা অৰ্ডাৰ দিয়া সামগ্ৰীৰ বিপৰীতে অন্য সামগ্ৰী পালে দিব পাৰিব অভিযোগ। অভিযোগৰ ভিত্তিত কঠোৰ ব্যৱস্থা ল’ব ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আয়োগে। ইতিমধ্যে ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ভুক্তভোগী গ্ৰাহকে 1800-11-4000, 14404 নম্বৰত ফোন কৰিব পাৰিব। পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজাৰ ভিতৰত ফোন কৰিব পাৰিব প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলে। SMSযোগেও অভিযোগ দিব পাৰিব গ্ৰাহকসকলে। ইয়াৰ বাবে মেছেজ কৰিব লাগিব 8130009809 নম্বৰত। অনলাইনযোগেও অভিযোগ দাখিল কৰিব পাৰিব। গ্ৰাহকসকলে www.consumerhelpline.gov.inত অভিযোগ দিব পাৰিব। অনলাইন সামগ্ৰীত প্ৰৱঞ্চনা ৰোধৰ বাবে কঠোৰ হৈছে চৰকাৰ। দোষী সাব্যস্ত হ’লে কঠোৰ ব্যৱস্থা ল’ব প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...