কেনে আছে সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ?

একেৰাহে ১২ দিন ধৰে ICUতে চিকিত্সাধীন হৈ আছে ভাৰত ৰত্ন লতা মংগেশকাৰ। কভিডৰ লগতে নিউমনিয়াত আক্ৰান্ত হোৱাৰ পিছতে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। ৯ জানুৱাৰীত মুম্বাইৰ ব্ৰীছ কেণ্ডী হাস্পতালত চিকিত্সাধীন হৈ আছে। একেৰাহে ১২ দিনৰ পিছতো লতা মংগেশকাৰৰ স্বাস্থ্যৰ বিশেষ পৰিৱৰ্তন নোহোৱাত অনুৰাগীৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। ইয়াৰ লগতে চিকিত্সকৰ মাজতো উদ্বিগ্নতা বৃদ্ধি পাইছে। লতা মংগেশকাৰৰ চিকিত্সা কৰি থকা বিশেষজ্ঞ চিকিত্সক প্ৰতীত সামদানিয়ে কয়, লতা মংগেশকাৰ এতিয়াও ICUতে আছে। আমি দ্ৰুত আৰোগ্যৰ বাবে চেষ্টাৰ ত্ৰুটী কৰা নাই। সকলোৱে প্ৰাৰ্থনা কৰক যাতে লতাদী শীঘ্ৰে সুস্থ হৈ উঠে।
উল্লেখ্য যে, লতা মংগেশকাৰৰ দেহত কভিডৰ সামান্য লক্ষণ দেখাৰ পিছতে কভিড টেষ্ট কৰা হৈছিল। ৮ জানুৱাৰীত কভিড পজিটিভ পোৱা গৈছিল। বয়স আৰু শাৰীৰিক অসুস্থতাৰ কথালৈ লক্ষ্য ৰাখি পৰিয়ালৰ সদস্যসকলে হাস্পতালত ভৰ্তি কৰিছিল লতা মংগেশকাৰক। হাস্পতালত ভৰ্তি কৰাৰ পিছৰে পৰা দেশজুৰি প্ৰাৰ্থনাৰ জোৱাৰ উঠিছে। সকলোৱে কামনা কৰিছে শীঘ্ৰে আৰোগ্য হৈ উঠক সুৰৰ সম্ৰাজ্ঞীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...