কেনে আছে সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ?

একেৰাহে ১২ দিন ধৰে ICUতে চিকিত্সাধীন হৈ আছে ভাৰত ৰত্ন লতা মংগেশকাৰ। কভিডৰ লগতে নিউমনিয়াত আক্ৰান্ত হোৱাৰ পিছতে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। ৯ জানুৱাৰীত মুম্বাইৰ ব্ৰীছ কেণ্ডী হাস্পতালত চিকিত্সাধীন হৈ আছে। একেৰাহে ১২ দিনৰ পিছতো লতা মংগেশকাৰৰ স্বাস্থ্যৰ বিশেষ পৰিৱৰ্তন নোহোৱাত অনুৰাগীৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। ইয়াৰ লগতে চিকিত্সকৰ মাজতো উদ্বিগ্নতা বৃদ্ধি পাইছে। লতা মংগেশকাৰৰ চিকিত্সা কৰি থকা বিশেষজ্ঞ চিকিত্সক প্ৰতীত সামদানিয়ে কয়, লতা মংগেশকাৰ এতিয়াও ICUতে আছে। আমি দ্ৰুত আৰোগ্যৰ বাবে চেষ্টাৰ ত্ৰুটী কৰা নাই। সকলোৱে প্ৰাৰ্থনা কৰক যাতে লতাদী শীঘ্ৰে সুস্থ হৈ উঠে।
উল্লেখ্য যে, লতা মংগেশকাৰৰ দেহত কভিডৰ সামান্য লক্ষণ দেখাৰ পিছতে কভিড টেষ্ট কৰা হৈছিল। ৮ জানুৱাৰীত কভিড পজিটিভ পোৱা গৈছিল। বয়স আৰু শাৰীৰিক অসুস্থতাৰ কথালৈ লক্ষ্য ৰাখি পৰিয়ালৰ সদস্যসকলে হাস্পতালত ভৰ্তি কৰিছিল লতা মংগেশকাৰক। হাস্পতালত ভৰ্তি কৰাৰ পিছৰে পৰা দেশজুৰি প্ৰাৰ্থনাৰ জোৱাৰ উঠিছে। সকলোৱে কামনা কৰিছে শীঘ্ৰে আৰোগ্য হৈ উঠক সুৰৰ সম্ৰাজ্ঞীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...