মহিলাৰ গাঞ্জা সৰবৰাহৰ কৌশল দেখিলে তবধ মানিব আপুনি

অবৈধ কাৰ্যকলাপৰ বাবে নিতৌ সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি আহিছে। এইবাৰ তেনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে। ৪গৰাকী মহিলা আৰু দুজন লোকে ৰে’লেৰে গাঞ্জা সৰবৰাহৰ চেষ্টা কৰিছিল।

প্ৰায় ১৮.৫ কেজি গাঞ্জা হমচফৰ এক্সপ্ৰেছেৰে সৰবৰাহৰ অপচেষ্টা ৪ পুৰুষ-মহিলাৰ। বদৰপুৰ ৰে’লৱে ষ্টেচনত বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে ধৰা পৰা চাৰিওজন লোক।

পেটিকোটৰ তলত ভৰিত অতি নিখুঁতভাবে বান্ধি লৈছিল কেইবা কেজি গাঞ্জা। গাঞ্জাখিনি বান্ধি তাৰ ওপৰত পেণ্ট পিন্ধি ওপৰত শাৰী পিন্ধিছিল মহিলাকেইগৰাকীয়ে।

কেৱল শৰীৰতে নহয়, যাত্ৰীকেইজনে বহা ডবাটোৰ পৰাও উদ্ধাৰ হয় গাঞ্জা। একাংশ সৰবৰাহকাৰীয়ে মহিলাৰ সহযোগত আৰম্ভ কৰিছে অবৈধ কাৰ্যকলাপ

ধৃত মহিলাকেইগৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইয়াৰ আঁৰত কোন আছে আৰু কোন ঠাইলৈ সৰবৰাহ কৰিছিল তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ দলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...