ভাৰতত প্ৰথমজন অ’মিক্ৰন ৰোগীৰ মৃত্যু, অসমতো আক্ৰান্ত এজন

ভাৰতত প্ৰথমজন অ’মিক্ৰন আক্ৰান্তৰ মৃত্যু ঘটিছে। মহাৰাষ্ট্ৰত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু ঘটিছে অ’মিক্ৰনত। লোকজন কিছুদিন পূৰ্বে নাইজেৰিয়াৰ পৰা আহিছিল। মৃত লোকজন মধুমেহ ৰোগীও আছিল। মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে লোকজন ক’ভিডত মৃত্যু হোৱা নাই বুলি প্ৰকাশ কৰিছিল যদিও পুনেৰ নেচনেল ইনষ্টিটিউট অব ভাইৰ’লজিলৈ প্ৰেৰণ কৰা নমুনাৰ ফলাফলত লোকজন অমিক্ৰনত আক্ৰান্তৰ তথ্য পোৱা যায়। ২৮ ডিচেম্বৰতে মৃত্যু হৈছিল লোকজনৰ।


মহাৰাষ্ট্ৰত বৃহস্পতিবাৰে ৫,৩৬৮গৰাকী নতুনকৈ কভিডত আক্ৰান্ত হৈছে। বৰ্তমান, ৰাজ্যখনত ১৮,২১৭জন সংক্ৰমিত ব্যক্তি চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও দেশত ১৯৮টা নতুন অমিক্ৰনৰ ঘটনা চিনাক্ত কৰা হৈছে। যোৱা ২৪ ঘণ্টাত পোৱা ১৯৮জন অমিক্ৰন সংক্ৰমিত ব্যক্তিৰ ভিতৰত কেৱল মুম্বাইতে ১৯০গৰাকী লোক আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত ৪৫০গৰাকীলৈ বৃদ্ধি পালে অমিক্ৰন পজিটিভ ৰোগীৰ সংখ্যা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...