কেঁচা তামোলক লৈ আহি আছে নতুন SOP

ক’ভিড ভাইৰাছ অথবা যান-বাহনক লৈ নহয়, এইবাৰ তামোলক লৈ অসম চৰকাৰৰ তামোলক লৈ SOP। মিজোৰামত উৎপাদিত কেঁচা তামোল অসমত বিক্ৰয়ৰ বাবে আহি আছে নতুন SOP। ইতিমধ্যে এই SOP প্ৰস্তুত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডা হিমন্ত বিশ্ব শৰ্মাই। আজি হাইলাকান্দিত সংবাদ মাধ্যমক এই কথা অৱগত কৰে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে।


উল্লেখ্য যে, বাৰ্মিজ চুপাৰিৰ পিছত এতিয়া আৰক্ষীয়ে অসমত প্ৰবেশ বন্ধ কৰি ৰাখিছে মিজোৰামত উৎপাদিত তামোলৰ। যোৱা দুদিনৰ পৰা মিজোৰামৰ পৰা অহা প্ৰায় ৩০টা তামোলভৰ্তি গাড়ী অসমৰ প্ৰবেশ পথত বন্ধ কৰি থৈছে হাইলাকান্দি আৰক্ষীয়ে। এতিয়াও ৩০খন ব্যৱসায়িক বাহনত মজুত আছে তামোল। প্ৰতিখন গাড়ীত গড়ে ৬০ মোনাৰো অধিক তামোল বোজাই কৰা আছে। অসম আৰক্ষীয়ে ৰামনাথপুৰ ৰে’ল ষ্টেচনৰ কাষতে বাহনসমূহক অসমত প্ৰবেশৰ অনুমতি দিয়া নাই। ইয়াৰ পূৰ্বেও হাইলাকান্দি আৰক্ষীয়ে এই কেঁচা তামোল অসমত প্ৰবেশত বাধা প্ৰদান কৰিছিল। ইয়াৰ পিছতে এই ঘটনাক লৈ বিধানসভাত সৰব হৈছিল বিধায়ক সুজাম উদ্দিন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...