মহাত্মা গান্ধীক চৰম অপমান, কালিচৰণ মহাৰাজক গ্ৰেপ্তাৰ

ছত্তীশগড়ত অনুষ্ঠিত ধৰ্মীয় সভাত মহাত্মা গান্ধীক লৈ আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় নেতা কালিচৰণ মহাৰাজ। ৰায়পুৰ আৰক্ষীয়ে খাজুৰাহোৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে কালিচৰণ মহাৰাজক। আজি ৰায়পুৰৰ আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্ত ধৰ্মীয় নেতাজনক। কালিচৰণ মহাৰাজৰ বিৰুদ্ধে ৰায়পুৰৰ টিকাৰাপাৰা থানাত ৰুজু কৰা হৈছে এটা গোচৰ। ধৰ্মীয় সভাত কালিচৰণ মহাৰাজে মহাত্মাক জাতিৰ পিতাৰূপে স্বীকাৰ কৰিবলৈ অমান্তি হৈছিল। ইয়াৰ বাবে তেওঁক মৃত্যুদণ্ড দিলেও তেওঁ মানি ল’ব বুলি মন্তব্য কৰিছিল।

কালিচৰণ মহাৰাজৰ এই মন্তব্য ভাইৰেল হৈ পৰাৰ পিছতে ৰায়পুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। মহাত্মা গান্ধীয়ে দেশখন ধ্বংস কৰা বুলি মন্তব্য কৰি ধৰ্মীয় নেতাজনে গান্ধীজীক হত্যা কৰা নাথুৰাম গডছেক বিশেষভাৱে প্ৰশংসা কৰে। ইছলাম সম্পৰ্কতো বিৰূপ মন্তব্য কৰি ধৰ্মীয় নেতা কালিচৰণ মহাৰাজে কয় যে, ৰাজনীতিৰ জৰিয়তে দেশৰ ক্ষমতা দখল কৰাই হ’ল ইছলামৰ একমাত্ৰ উদ্দেশ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...