ব্যৱসায়ী স্বামীৰে ব্ৰেক আপ, কিয় য়শৰ সৈতে পলাই গৈছিল নুছৰত জাহানে?

0 1,615

য়শ দাসগুপ্ত আৰু নুছৰত জাহান শেহতীয়াভাবে প্ৰায়ে চৰ্চিত হৈ আহিছে। প্ৰথমে য়শ হিন্দু যুৱক আৰু বিজেপিৰ নেতা। আনফালে পৈতৃক সূত্ৰে নুছৰত জাহান মুছলমান মহিলা আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ। তাৰ মাজতে ব্যৱসায়ী নিখিল জৈনৰ সৈতে বিশাল আয়োজনেৰে বিবাহৰ পিছত হঠাতে য়শ দাসগুপ্তৰ সৈতে একেলগে থাকিবলৈ লৈছিল। তাৰ মাজতে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে নুছৰতে। দীৰ্ঘদিনে ৰাজহুৱাভাবে কোনো মন্তব্য নকৰিলেও লাহে লাহে নিজেই স্বীকাৰ কৰিছে দুয়োৰে সম্পৰ্কৰ তথা। নুছৰত জাহানে অপ্ৰকাশ কৰিছে কেনেকৈ য়শ দাসগুপ্তৰ প্ৰেমত পৰিছিল। ৰেডিঅ’ অনুষ্ঠান ‘ইস্ক’ত নুছৰতে য়শক অতিথি হিচাপে মাতি আনিছিল। এই অনুষ্ঠানতে স্বীকাৰ কৰিছিল যে তাই য়শৰ সৈতে পলাই গৈছিল। মন কৰিবলগীয়া যে, য়শ আৰু নুছৰাত ব্যৱসায়ী নিখিল জৈনক বিয়া কৰোৱাৰ পিছত ‘SOS কলকাতা’ বোলছবিখনত একেলগে কাম কৰিছিল।


অনুষ্ঠানটোৰ সময়ত য়শে নুছৰতক সুধিছিল যে তেওঁলোকে কেনেকৈ সম্পৰ্কত সোমাই পৰিছিল। অভিনেত্ৰীগৰাকীয়ে উত্তৰ দিছিল, মই তোমাৰ সৈতে পলাই গৈছিলো। নুছৰতক জোকাৰি য়শে তাইক সুধিলে, তুমি পলাই গৈছিলা মানে? মানে, ইজনে সিজনৰ হাতত ধৰি ৰাজপথত আগুৱাই গৈছিলো। ইয়াৰ লগে লগে তপৰাই নুছৰতে কয়- নহয় নহয়, এক কথাত মই তোমাৰ সৈতে পলাই গৈছিলো। বিষয়টো হ’ল-প্ৰেম, মোৰ পছন্দ। মই তোমাৰ প্ৰেমত পৰিছিলো, মোৰ পছন্দ আছিল আৰু বাকীখিনি ইতিহাস। য়শে নুছৰতক প্ৰেমৰ সংজ্ঞা দিবলৈ কৈছিল আৰু তাই কৈছিল, “একেলগে থাকিলে প্ৰতিদিনে সুখ আহে। এইটো সদায় তোমাৰ কথাত সৰ্বশ্ৰেষ্ঠ নহয়। প্ৰেম বহুত কঠিন কিন্তু তুমি ইয়াক প্ৰতিদিনে খুব আদৰেৰে খেলা।”


উল্লেখ্য যে, ২০১৯ চনৰ ১৯ জুনত নিখিল আৰু নুছৰতে তুৰ্কীত বিবাহপাশত আৱদ্ধ হৈছিল। বিয়া চিৰস্থায়ী নোহোৱাৰ পিছত তুৰ্কী বিবাহবিধিৰ আধাৰত নুছৰতে নিখিলৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিবলৈ অস্বীকাৰ কৰিছিল। নুছৰতে কৈছিল যে তুৰ্কী আইন ভাৰতত বৈধ নহয় সেয়েহে ইয়াত তেওঁলোকৰ বিবাহৰ কোনো স্বীকৃতি নাই। নুছৰতে নিখিলৰ সৈতে লিভ-ইন সম্পৰ্কত বাস কৰিছিল। ইফালে তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহান। ২০১৯ চনত তৃণমূলৰ টিকটত বছিৰহাট লোকসভা আসনত জয়ী হৈছিল নুছৰতে।


ইয়াৰ পূৰ্বে একেটা অনুষ্ঠানতে নুছৰতে প্ৰকাশ কৰিছিল যে য়শ দাশগুপ্তক আদৰি লোৱাটো এটা সাহসী সিদ্ধান্ত আছিল। অভিনেত্ৰী-সাংসদগৰাকীয়ে এইটোও কৈছিল যে মই এগৰাকী অবিবাহিত মাতৃ নহয়, মোৰ সন্তান এগৰাকী সাধাৰণ পিতৃ আৰু মাতৃৰ পুত্ৰ। নুছৰতে গৰ্ভধাৰণৰ সময়ত শৰীৰত হৰমনৰ পৰিৱৰ্তনৰ বিষয়েও কথা পাতিছিল। নুছৰতে ২০২১ চনৰ আগষ্ট মাহত ঈশানৰ জন্ম দিছিল। এনে খবৰৰ বাবেই প্ৰায়ে চৰ্চিত হৈ থাকে এইগৰাকী জনপ্ৰতিনিধি তথা অভিনেত্ৰী।

Leave A Reply

Your email address will not be published.