NKTVৰ বাতৰিৰ প্ৰভাৱ! কোকৰাঝাৰত ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযন্তা

NKTVৰ বাতৰিৰ প্ৰভাৱ। কোকৰাঝাৰত ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযন্তা। ট্ৰেক্টৰ প্ৰদানত হিতাধিকাৰীৰ পৰা ঘোচ লৈছিল দুই অভিযন্তাই। ধৃত দুই অভিযন্তা নীলকান্ত কলিতা আৰু সুদীপ দেৱ। কোকৰাঝাৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ত কৰ্মৰত আছিল দুয়ো। দুই অভিযন্তাই ট্ৰেক্টৰৰ হিতাধিকাৰীৰ পৰা ঘোচ লোৱাৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত।

এই সন্দৰ্ভত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিল NKTVয়ে। তাৰ পাছতে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল বিটিআৰৰ কৃষি বিভাগৰ EM ঘনশ্যাম দাসে। তাৰ পাছতে ক্ষিপ্ৰতাৰে তদন্ত চলাই কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই ঘোচখোৰ অভিযন্তাক। সম্প্ৰতি জে’ললৈ প্ৰেৰণ কৰা হৈছে ঘোচখোৰ অভিযন্তা নীলকান্ত কলিতা আৰু সুদীপ দেৱক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...