২০২১ বৰ্ষত কোনকেইখন গ্ৰন্থ সাহিত্য অকাডেমী বঁটাৰ বাবে মনোনীত হৈছিল?

২০২১ বৰ্ষত সাহিত্য অকাডেমী বঁটাৰ বাবে মুঠ ১০খন গ্ৰন্থ মনোনীত হৈছিল। মনোনীত অসমীয়া ভাষাৰ গ্ৰন্থৰ তালিকাত কেইবাগৰাকী জনপ্ৰিয় ঔপন্যাসিক, কবি আৰু গল্পকাৰ। প্ৰত্যাশিতভাবে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে লাভ কৰিলে সাহিত্য অকাডেমী বঁটা।


২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে মনোনীত গ্ৰন্থৰ তালিকাত আছিল নন্দিতা দেৱীৰ বঙল বহুদূৰ। এই গ্ৰন্থখনে ২০২১ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটা লাভ কৰিছিল। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত নন্দিতা দেৱী আৰু গ্ৰন্থখন প্ৰকাশ কৰা জ্যোতি প্ৰকাশনৰ প্ৰকাশক নগেন শৰ্মাক সন্মানিত কৰা হৈছিল। পুৰস্কাৰ হিচাবে লেখক-প্ৰকাশকক ২ লাখকৈ টকা প্ৰদান কৰা হয়।


সৌম্যদ্বীপ দত্তৰ অসমৰ বৌদ্ধ কিলাত গ্ৰন্থখনো হৈছিল মনোনীত। দীৰ্ঘদিনে বৌদ্ধ ধৰ্ম আৰু সাম্প্ৰতিক পৰিৱেশৰ ওপৰত চৰ্চা কৰি আহিছে সৌম্যদ্বীপ দত্তই। ইয়াৰ লগতে বিপুল খাটনীয়াৰৰ ঘঁৰিয়াল ডাঙাৰ কথা গ্ৰন্থখনেও লাভ কৰিছিল মনোনয়ন।


কুসুমাঞ্জলী শৰ্মাৰ গ্ৰন্থ ৰাধা তুমিয়েও ২০২১ বৰ্ষত সাহিত্য একাডেমী বঁটাৰ বাবে লাভ কৰিছিল মনোনয়ন। মনোনীত গ্ৰন্থৰ তালিকাত আছিল প্ৰণৱজ্যোতি ডেকাৰ সোণৰ চামুচ মুখত লৈ গ্ৰন্থখনো। আনহাতে, জনপ্ৰিয় সাহিত্যিক ৰুমী লস্কৰ বৰাৰ কালাগ্নি গ্ৰন্থখনেও ২০২১ বৰ্ষত ঐতিহ্যমণ্ডিত এই বঁটাৰ বাবে লাভ কৰিছিল মনোনয়ন। একেদৰে কবি-ঔপন্যাসিকৰূপে খ্যাতিমান মণিকুন্তলা ভট্টাচাৰ্যৰ জলকন্যা গ্ৰন্থখনেও লাভ কৰিছিল মনোনয়ন। ইতিমধ্যে কেইবাটাও বঁটা আৰু বিক্ৰীৰে অভিলেখ ৰচা গ্ৰন্থৰ ৰচয়িতা মণিকুন্তলা ভট্টাচাৰ্য।

সাহিত্যিক লীনা শৰ্মাৰ কৃষ্ণধাৰা গ্ৰন্থখনেও এইবেলি সাহিত্য একাডেমী বঁটাৰ দৌৰত আছিল। আনহাতে, জনপ্ৰিয় কবি-সাহিত্যিক অনুভৱ তুলসীৰ বানান কৰি পঢ়া লুইতৰ পানী গ্ৰন্থখনেও সাহিত্য অকাডেমী বঁটাৰ বাবে মনোনীত হৈছিল। ৩০ ডিচেম্বৰত আনুষ্ঠানিকভাবে বঁটা বিজয়ীৰ নামসমূহ ঘোষণা কৰে সাহিত্য অকাডেমী কৰ্তৃপক্ষই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...