২০২১ বৰ্ষত কোনকেইখন গ্ৰন্থ সাহিত্য অকাডেমী বঁটাৰ বাবে মনোনীত হৈছিল?

২০২১ বৰ্ষত সাহিত্য অকাডেমী বঁটাৰ বাবে মুঠ ১০খন গ্ৰন্থ মনোনীত হৈছিল। মনোনীত অসমীয়া ভাষাৰ গ্ৰন্থৰ তালিকাত কেইবাগৰাকী জনপ্ৰিয় ঔপন্যাসিক, কবি আৰু গল্পকাৰ। প্ৰত্যাশিতভাবে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে লাভ কৰিলে সাহিত্য অকাডেমী বঁটা।


২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে মনোনীত গ্ৰন্থৰ তালিকাত আছিল নন্দিতা দেৱীৰ বঙল বহুদূৰ। এই গ্ৰন্থখনে ২০২১ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটা লাভ কৰিছিল। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত নন্দিতা দেৱী আৰু গ্ৰন্থখন প্ৰকাশ কৰা জ্যোতি প্ৰকাশনৰ প্ৰকাশক নগেন শৰ্মাক সন্মানিত কৰা হৈছিল। পুৰস্কাৰ হিচাবে লেখক-প্ৰকাশকক ২ লাখকৈ টকা প্ৰদান কৰা হয়।


সৌম্যদ্বীপ দত্তৰ অসমৰ বৌদ্ধ কিলাত গ্ৰন্থখনো হৈছিল মনোনীত। দীৰ্ঘদিনে বৌদ্ধ ধৰ্ম আৰু সাম্প্ৰতিক পৰিৱেশৰ ওপৰত চৰ্চা কৰি আহিছে সৌম্যদ্বীপ দত্তই। ইয়াৰ লগতে বিপুল খাটনীয়াৰৰ ঘঁৰিয়াল ডাঙাৰ কথা গ্ৰন্থখনেও লাভ কৰিছিল মনোনয়ন।


কুসুমাঞ্জলী শৰ্মাৰ গ্ৰন্থ ৰাধা তুমিয়েও ২০২১ বৰ্ষত সাহিত্য একাডেমী বঁটাৰ বাবে লাভ কৰিছিল মনোনয়ন। মনোনীত গ্ৰন্থৰ তালিকাত আছিল প্ৰণৱজ্যোতি ডেকাৰ সোণৰ চামুচ মুখত লৈ গ্ৰন্থখনো। আনহাতে, জনপ্ৰিয় সাহিত্যিক ৰুমী লস্কৰ বৰাৰ কালাগ্নি গ্ৰন্থখনেও ২০২১ বৰ্ষত ঐতিহ্যমণ্ডিত এই বঁটাৰ বাবে লাভ কৰিছিল মনোনয়ন। একেদৰে কবি-ঔপন্যাসিকৰূপে খ্যাতিমান মণিকুন্তলা ভট্টাচাৰ্যৰ জলকন্যা গ্ৰন্থখনেও লাভ কৰিছিল মনোনয়ন। ইতিমধ্যে কেইবাটাও বঁটা আৰু বিক্ৰীৰে অভিলেখ ৰচা গ্ৰন্থৰ ৰচয়িতা মণিকুন্তলা ভট্টাচাৰ্য।

সাহিত্যিক লীনা শৰ্মাৰ কৃষ্ণধাৰা গ্ৰন্থখনেও এইবেলি সাহিত্য একাডেমী বঁটাৰ দৌৰত আছিল। আনহাতে, জনপ্ৰিয় কবি-সাহিত্যিক অনুভৱ তুলসীৰ বানান কৰি পঢ়া লুইতৰ পানী গ্ৰন্থখনেও সাহিত্য অকাডেমী বঁটাৰ বাবে মনোনীত হৈছিল। ৩০ ডিচেম্বৰত আনুষ্ঠানিকভাবে বঁটা বিজয়ীৰ নামসমূহ ঘোষণা কৰে সাহিত্য অকাডেমী কৰ্তৃপক্ষই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...