আজি সপত্নীক বিপিন ৰাৱাটৰ শেষকৃত্য সম্পন্ন

আজি দিল্লীত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব CDS জেনেৰেল বিপিন ৰাৱাটৰ শেষকৃত্য। ৩ সেনাৰ কান্ধ পাতি লোৱা ৰাৱটৰ পত্নীৰো সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া। বিয়লি ৪ বজাত ৰাৱাটসহ তেওঁৰ পত্নীক অন্ত্যেষ্টিক্ৰিয়া।

পুৱা ১১ বজাৰ পৰা ১২.৩০ বজালৈ সাধাৰণ লোকে জনাব শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল’ব তিনি দেশৰ সেনা অধিকাৰীয়ে। নেপাল, ভূটান আৰু শ্ৰীলংকাৰ শীৰ্ষ সেনা মূৰব্বীয়ে ভাগ ল’ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। ১২.৩০ বজাৰ পৰা ১.৩০ বজালৈ সেনা বিষয়াসকলে জনাব শেষ শ্ৰদ্ধাঞ্জলি।

উল্লেখ্য যে বুধবাৰে তামিলনাডুৰ কুনুৰত সংঘটিত হৈছিল সেনাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। যি দুৰ্ঘটনাত বিপিন ৰাৱট, তেওঁৰ পত্নী, সেনা বিষয়াসহ মুঠ ১৩জনে হেৰুৱাইছিল প্ৰাণ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...