ৰঙা আৰু শুভ্ৰ পোছাকত শুভ পৰিণয় কেটৰিনা কাইফ আৰু বিকি কৌশলৰ। বিয়াৰ পিছতে সকলোৰে পৰা বিচাৰিলে আশীৰ্বাদ।

জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত সম্পন্ন হ’ল বহুচৰ্চিত কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিবাহ। শুভ পৰিণয়ৰ পিছতে আনুষ্ঠানিকভাবে শ্বেয়াৰ কৰিলে ফটো। বগা শ্বেৰৱানী আৰু ৰঙা লেহেংগাৰ পোছাকত দুয়োকে দেখা গৈছে অপূৰ্ব।

বিবাহৰ ফটো শ্বেয়াৰ কৰি বিকি কৌশলে লিখিছে-আপোনাৰ আশীৰ্বাদৰ প্ৰয়োজন। সকলোৰে পৰা আশীৰ্বাদ বিচাৰিলে নৱবিবাহিত দম্পতীয়ে

বৃহস্পতিবাৰে জয়পুৰৰ চৱাই মাধেপুৰৰ ছয় চেঞ্চ ফৰ্ট বৰৱাৰাত কেটৰিনা কাইফ আৰু বিকি কৌশলে বিবাহ পাশত আৱদ্ধ হৈছিল।

অনুৰাগীসকলে বিবাহৰ ফটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। সন্ধিয়া প্ৰায় ৭ বজাত বিয়াৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰে।

বিকি আৰু কেটৰিনাই পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈছিল। বিয়াৰ পিছত বিকি-কেটৰিনাই বিবাহথলীৰ বাহিৰত থকা অনুৰাগীসকলৰ বাবে মিঠাই আৰু কেক পঠিয়াইছিল। হোটেল মেনেজমেণ্টৰ একাংশ মানুহে মিঠাই লৈ দৌৰি আহিছিল।

কেটৰিনাই খোপা বান্ধি ৰঙা লেহেংগাত দেখা গ’ল। বিকি কৌশলক বগা শ্বেৰৱানী পিন্ধা দেখা গৈছে।

বিয়াখনত পৰিয়ালৰ সদস্য আৰু মাত্ৰ কেইজনমান বিশেষ অতিথিহে উপস্থিত আছিল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...