আজি শ্বহীদ দিৱস! ৮৫৫ বীৰ শ্বহীদক ৰাজ্যজুৰি স্মৰণ

আজি শ্বহীদ দিৱস। অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে। প্ৰতিবছৰে ১০ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উছৰ্গা কৰা ৮৫৫জন শ্বহীদৰ স্মৃতিত পালন কৰি অহা হৈছে এই শ্বহীদ দিৱস। অসম আন্দোলন হৈছে ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। ১৯৭৯ৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয় ।

এই ঘটনাৰ পিছতেই প্ৰথমে অহিংসভাৱে আৰম্ভ হোৱা আন্দোলনে ধাৰণ কৰে হিংসাত্মক ৰূপ। ফলত আৰু অসম আন্দোলনত প্ৰাণ আহুতি দিবলগীয়া হয় ৮৫৪ জনে।

এই শ্বহীদসকলৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে শ্বহীদ দিৱস। নলবাৰীত আছুৰ কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন। কলাক্ষেত্ৰতো শ্বহীদ দিৱসৰ অনুষ্ঠানত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পনৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে অগপই। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...