আজিৰে পৰা দাম বাঢ়িল সুৰাৰ, ২৫ শতাংশপৰ্যন্ত অধিক দামত কিনিব লাগিব সুৰা

আজিৰে পৰা ৰাজ্যত দাম বাঢ়িল সুৰাৰ। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল সুৰাৰ মূল্যবৃদ্ধি। অসম আবকাৰী বিধি সংশোধনী প্ৰকাশ কৰি ৰাজপত্ৰিত জাননীৰ জৰিয়তে মূল্যবৃদ্ধি কৰা হৈছে। প্ৰতি বটলত ২৪ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। এহেজাৰ টকাৰ বটলৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলত বৃদ্ধি পালে ন্যূনতম ৩০০ টকা।


পেট্ৰ’ল-ডিজেলৰ ভেট হ্ৰাস কৰাৰ সময়তে সুৰাৰ দাম বৃদ্ধি ঘোষণা কৰিছিল। পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত ৰাজকোষত দেখা দিয়া ঘাটি পূৰণ কৰিবলৈকে এই বৃদ্ধি কৰা হৈছে। বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটতো আবকাৰী শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, লকডাউনৰ সময়তো ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছিল সুৰাৰ দাম। পৰৱৰ্তী সময়ত পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে হ্ৰাস কৰা হৈছিল সুৰাৰ দাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...