ক’ভিড ভেকচিন লোৱা নাই নেকি? ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ হাৰ ৮২.৯%

GMCHৰ সমীক্ষাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। ক’ভিড ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ হাৰ চিন্তনীয়ভাৱে বৃদ্ধি ৮২.৯ শতাংশলৈ। চলিত বৰ্ষৰ এপ্রিল মাহৰ পৰা GMCHত ভৰ্তি হোৱা ক’ভিড আক্রান্ত লোকৰ মাজত চলোৱা হৈছিল সমীক্ষা। NHMৰ তৎপৰতাত GMCHত চলোৱা সমীক্ষাত পোহৰলৈ আহিছে উদ্বেগজনক বিষয়। প্রতিষেধক গ্রহণ নকৰাকৈ ক’ভিড আক্রান্ত হোৱা লোকৰ GMCHত মৃত্যুৰ হাৰ চিন্তনীয়ভাৱে বৃদ্ধি। সেয়ে প্রতিষেধক গ্রহণ নকৰা প্রত্যেককে ক’ভিড প্রতিষেধক ল’বলৈ আহ্বান GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ। ৰাজ্যত এতিয়াও শাম কটা নাই ক’ভিড পৰিস্থিতি। দৈনিক সংক্রমিত হৈয়েই আছে মানুহ। নিতৌ মানুহৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। দ্বিতীয়বাৰৰ বাবেও আক্রান্ত হৈছে বহু লোক। এনে সময়ত সকলোকে সজাগ–সচেতন হোৱাৰ আহ্বান অধীক্ষক ডাঃ শৰ্মাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্তৰ-মন্তৰৰ গে’ট জঁপিয়াই প্ৰতিবাদ CJPৰ সৌৰভ দাস, আশুতোষ ৰাংকাৰ; আটক দিল্লী আৰক্ষীৰ

কেন্দ্ৰীয় চৰকাৰে জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ স্বীকৃতি প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে...

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...