বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিয়াৰ প্ৰলোভনেৰে এগৰাকী মহিলাক প্ৰৱঞ্চনা কৰি ধন-সোণ লুটি নিয়াৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় বিষা শ্বেখ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, ভুৱা প্ৰেমৰ জালত পেলাই মহিলাগৰাকীক স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ প্ৰৰোচিত কৰে অভিযুক্তই। পৰৱৰ্তী সময়ত আদালতত চুক্তি সম্পাদন কৰি মহিলাগৰাকীক ফুচুলাই গুৱাহাটীলৈ লৈ যায় আৰু তাত এটা ভাৰাঘৰত ৰাখে।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি, গুৱাহাটীৰ ভাৰাঘৰত তেওঁক যৌন নিৰ্যাতন চলোৱাৰ লগতে লগত থকা দুই লক্ষাধিক টকা আৰু সোণৰ অলংকাৰ লুটি নিয়ে অভিযুক্ত বিষা শ্বেখে। ধন-সোণ লুটি নিয়াৰ পাছতে অভিযুক্তজন অন্তৰ্ধান হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।
এই ঘটনাৰ পাছতে ন্যায় বিচাৰি বিলাসীপাৰা আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী। ঘটনা সন্দৰ্ভত থানাত এজাহাৰো দাখিল কৰে তেওঁ। কিন্তু আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি অৱশেষত আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে।
সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰু পৰৱৰ্তী পদক্ষেপলৈ এতিয়া অপেক্ষা কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। অৱশ্যে, উত্থাপিত অভিযোগসমূহৰ সত্যতা তদন্তৰ পাছতহে স্পষ্ট হ’ব।
