জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখা (LoC) অতিক্ৰম কৰি ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে বিস্ফোৰণত নিহত হৈছে চাৰিজন পাকিস্তানী সন্ত্ৰাসবাদী। নিহতসকলৰ ভিতৰত লস্কৰ-ই-তৈবা (LeT)ৰ এজন শীৰ্ষ কমাণ্ডাৰো আছে।
সোমবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কৃষ্ণা ঘাটি ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ এটা আগশাৰীৰ গাঁৱত সংঘটিত হয় এই শক্তিশালী বিস্ফোৰণ। ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (IED)ৰ ফলত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
বিষয়াসকলৰ মতে, নিয়ন্ত্ৰণ ৰেখাৰ পাকিস্তানৰ ফালৰ পৰা এদল লোকে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে ছাটৱাল-নাকী অঞ্চলত এই বিস্ফোৰণ ঘটে। এই ঘটনাৰ পাছতে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।
নিহত সন্ত্ৰাসবাদী চাৰিজনক মহম্মদ ইস্তিয়াক, মহম্মদ ফাইজান, মহম্মদ ৱাকাছ আৰু মহম্মদ আছিম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ ঘৰ পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ (PoJK) পুঞ্চ জিলাৰ হাজিৰা তহচিলৰ মাণ্ডলা, মাদৰপুৰ অঞ্চলত বুলি জানিব পৰা গৈছে। নিহত মহম্মদ ফাইজান লস্কৰ-ই-তৈবাৰ এজন শীৰ্ষ কমাণ্ডাৰ বুলি নিশ্চিত কৰা হৈছে।
ছাটৱাল-নাকী অঞ্চলটোক অনুপ্ৰৱেশৰ পৰম্পৰাগত পথ হিচাপে গণ্য কৰা হয়। বিগত কেইবছৰমানত এই পথেৰে ভাৰতীয় ভূখণ্ডত প্ৰৱেশৰ চেষ্টা চলাই আহিছে সন্ত্ৰাসবাদীয়ে।
অৱশ্যে, এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই বুলি বিষয়াসকলে জানিবলৈ দিছে। ইয়াৰ পূৰ্বেও এই অঞ্চলত একেধৰণৰ ঘটনাত পাকিস্তানৰ BAT (Border Action Team)ৰ ছয়ৰ পৰা সাতজন সদস্য নিহত হৈছিল বুলি জানিব পৰা গৈছে।
বিস্ফোৰণৰ পাছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ ছেক্টৰটোত সতৰ্কতা জাৰি কৰে। নিয়ন্ত্ৰণ ৰেখাৰ কাষত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সম্ভাব্য অনুপ্ৰৱেশ ৰোধ কৰিবলৈ তীক্ষ্ণ নজৰদাৰী অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।
ইফালে, আন এক পৃথক ঘটনাত সোমবাৰে ভাৰতীয় সেনাই মেন্ধৰ ছেক্টৰৰ বাছোনী অঞ্চলত সীমান্তৰ বেৰাৰ কাষৰ পৰা দুটাকৈ মামৰে ধৰা স্থলমাইন উদ্ধাৰ কৰে।
বিষয়াসকলৰ মতে, পথ নিৰ্মাণৰ কাম চলি থকাৰ সময়ত পুৱা ৮ বাজি ২৫ মিনিট আৰু দুপৰীয়া ১২ বাজি ১০ মিনিটত স্থলমাইন দুটা প্ৰত্যক্ষ কৰা হয়। পৰৱৰ্তী সময়ত সেনাৰ বিস্ফোৰক বিশেষজ্ঞৰ দলে নিয়ন্ত্ৰিত বিস্ফোৰণৰ জৰিয়তে দুয়োটা স্থলমাইন নিষ্ক্ৰিয় কৰে।
উল্লেখ্য যে, অনুপ্ৰৱেশ ৰোধৰ ব্যৱস্থাৰ অংশ হিচাপে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ আগশাৰীৰ অঞ্চলসমূহত স্থলমাইন পুতি ৰখা হৈছে। কিন্তু প্ৰচণ্ড বৰষুণৰ ফলত কেতিয়াবা মাটিৰ তলত থকা স্থলমাইন উটি আহি ওপৰলৈ ওলাই পৰে, যাৰ ফলত নিৰাপত্তাৰ লগতে সাধাৰণ লোকৰ বাবেও বিপদৰ আশংকা সৃষ্টি হ’ব পাৰে।
