কেন্দ্ৰীয় চৰকাৰে জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ স্বীকৃতি প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে মঙলবাৰে পুৱাই তাত উপস্থিত হয় ককৰোচ জনতা পাৰ্টি (CJP)ৰ একাংশ কৰ্মী। দলটোৰ নেতা আশুতোষ ৰাংকা আৰু সৌৰভ দাসৰ নেতৃত্বত অহা প্ৰতিবাদকাৰীসকলে জন্তৰ-মন্তৰত প্ৰৱেশ কৰিবলৈ লোহাৰ গে’ট আৰু আৰক্ষীৰ বেৰিকেড জঁপিয়াই পাৰ হয়। পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলক আটক কৰে দিল্লী আৰক্ষীয়ে।
CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে সামাজিক মাধ্যমত এই প্ৰতিবাদৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত দলটোৰ নেতা ৰাংকা আৰু দাসৰ লগতে কেইবাগৰাকীও কৰ্মীক হাতত দলীয় পতাকা লৈ গে’ট জঁপিয়াই প্ৰতিবাদস্থলীত প্ৰৱেশ কৰা দেখা যায়।
প্ৰতিবাদকাৰীসকলে ‘ভাৰত মাতা কী জয়’ আৰু ‘ইনকিলাব জিন্দাবাদ’ ধ্বনি দি আগবাঢ়ে। সেই সময়ত কৰ্তব্যৰত আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে। আৰক্ষীৰ সৈতে কিছু সময়ৰ বাবে হতাহতিৰ পৰিস্থিতিৰো সৃষ্টি হয়। অৱশেষত প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ যায় আৰক্ষীয়ে।
এই ঘটনাৰ পাছতে অভিজিৎ দীপকে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “প্ৰতিৰোধক জাননী জাৰি কৰি বন্ধ কৰিব নোৱাৰি।” জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা আঁতৰোৱাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁ এই মন্তব্য কৰে।
জন্তৰ-মন্তৰৰ স্বীকৃতি প্ৰত্যাহাৰৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দীপকে কয় যে এতিয়াৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত নতুন নতুন ‘জন্তৰ-মন্তৰ’ গঢ় লৈ উঠিব।
তেওঁৰ অভিযোগ, জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ স্বীকৃতি প্ৰত্যাহাৰ কৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ প্ৰতিবাদৰ প্ৰতি থকা ভয় স্পষ্ট হৈছে। জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা আঁতৰালে প্ৰতিবাদ বন্ধ হৈ যাব বুলি কেন্দ্ৰই ভাবিলেও সেয়া সম্ভৱ নহয় বুলি মন্তব্য কৰে CJPৰ প্ৰতিষ্ঠাপকগৰাকীয়ে।
উল্লেখ্য যে, দিল্লীৰ উচ্চ নিৰাপত্তাসম্পন্ন কেন্দ্ৰীয় অঞ্চলত অৱস্থিত জন্তৰ-মন্তৰ ইমানদিনে দেশৰ অন্যতম নিৰ্ধাৰিত প্ৰতিবাদস্থলী হিচাপে ব্যৱহৃত হৈ আহিছিল। কিন্তু শেহতীয়াকৈ এই স্থানক প্ৰতিবাদ আৰু ধৰ্ণাৰ বাবে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰত্যাহাৰ কৰা হৈছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত গঠিত এখন সমিতিৰ পৰামৰ্শ অনুসৰি, দিল্লীত প্ৰতিবাদ আৰু ধৰ্ণাৰ বাবে তিনিটা নতুন স্থান নিৰ্ধাৰণ কৰা হৈছে। সেই স্থানকেইটা হৈছে—ৰামলীলা ময়দান, বুৰাৰী ময়দান আৰু পূব দিল্লীৰ চিবিডি ময়দান।
ইফালে, বিশেষ নিবিড় সংশোধন (SIR)ক লৈ নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দিল্লীৰ কেন্দ্ৰীয় অঞ্চলত INDIA মিত্ৰজোঁট আৰু CJPৰ প্ৰতিবাদৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
দিল্লী আৰক্ষীয়ে ১০ অক্টোবৰৰ পৰাই জন্তৰ-মন্তৰত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে আৰু প্ৰতিবাদকাৰীক অঞ্চলটোত প্ৰৱেশ কৰিবলৈ দিয়া নাই। CJPয়ে ১০ অক্টোবৰত জন্তৰ-মন্তৰত প্ৰতিবাদৰ আহ্বান জনাইছিল।
সেইদিনা পুৱাই দিল্লীত উপস্থিত হোৱাৰ পাছতে CJPৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক বিমানৰ ভিতৰতে আটক কৰা হৈছিল বুলি দলটোৱে প্ৰকাশ কৰে। শনিবাৰ আৰু দেওবাৰে ৰাজধানীৰ বিভিন্ন স্থানত প্ৰতিবাদ আৰু আৰক্ষীৰ অভিযানৰ মাজতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক আটক কৰা হৈছিল।
