প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে পদব্ৰজে অসমৰ যুৱক

ভাৰ্গৱ হাজৰিকা, চামগুৰি

কেইবাদশক ধৰি ৰাজ্যৰ আৰ্থসামাজিক ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে অসমৰ চাহ জনগোষ্ঠীয় লোক সকলে। কিন্তু তাৰ পিছতো প্ৰতিখন চৰকাৰৰ দিনত যেন অৱহেলিত হৈ আহিছে স্বাধীনোত্তৰ কালৰ পৰা বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ জনগোষ্ঠীয় লোক সকল। চাহ জনগোষ্ঠীয় লোক সকলে ভোগ কৰি অহা এই দীৰ্ঘদিনীয়া সমস্যাবোৰৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দৃষ্টিগোচৰ কৰাবৰ বাবে উজনি অসমৰ ৰাজেশ মহানন নামৰ এজন যুৱকে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। গৃহজিলা তিনিচুকীয়াৰ ডুমডুমাৰ পৰা দিল্লীলৈ পদব্ৰজে আৰম্ভ কৰিছে যাত্ৰা। তিনিমাহজোৰা দুঃসাহসিক পদযাত্ৰাৰ অন্তত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৰাজেশ মহাননে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি প্ৰদান কৰিব কেইবা দফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ। চাহ জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০টকালৈ বৃদ্ধি কৰা, চাহ বাগিছা অঞ্চলত উচ্চ শিক্ষাৰ পৰিবেশ গঢ়ি তোলা, ৰাজ্যৰ বানপানী সমস্যাক কেন্দ্ৰই উপযুক্ত গুৰুত্ব আৰোপ কৰা ইত্যাদি দাবীৰে প্ৰধানমন্ত্ৰীৰ ওচৰত প্ৰদান কৰা হ’ব স্মাৰকপত্ৰ খন। ইফালে উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক ভোট প্ৰদান কৰি জয়যুক্ত কৰা মৰিয়নি সমষ্টিৰ চাহ জনগোষ্ঠীয় ৰাইজৰ ধাৰণাৰ ওপৰত সমগ্ৰ ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকল নিৰ্ভৰ নকৰে বুলি সদৰি কৰে ৰাজেশ মহাননৰ যাত্ৰা পথত সহযোগ কৰা চামগুৰিৰ একাংশ আছাৰ বিষয়ববীয়াই। উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি আহি চামগুৰিত প্ৰৱেশ কৰা ৰাজেশ মহাননৰ প্ৰায় ২৫০০ কিলোমিটাৰ জোৰা এই দুঃসাহসিক পদযাত্ৰাই নিশ্চয় প্ৰধানমন্ত্ৰীজনক চাহ জনজাতিৰ লোকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সমস্যাৰ বিষয়ে দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী শুভাকাংক্ষী সকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...