গুৱাহাটী পৌৰ নিগমৰ ৪৮ নং ৱাৰ্ডক স্বচ্ছতাৰ দিশত আদৰ্শ ৱাৰ্ড হিচাপে ঘোষণা

আদৰ্শ ৱাৰ্ডৰ নাগৰিকসকলে নিজেও আনৰ বাবে আদৰ্শ হিচাপে পৰিচয় দাঙি ধৰিব লাগিবঃ মন্ত্ৰী সিংহল

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটস্থিত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৌহদত আয়োজিত এক বিশেষ অনুষ্ঠানত মহানগৰীৰ ৪৮ নং ৱাৰ্ডক স্বচ্ছতাৰ দিশত আদৰ্শ ৱাৰ্ড হিচাপে ঘোষণা কৰে৷ ‘স্বচ্ছোৎসৱ’ৰ অধীনত হাতত লোৱা এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এক সজাগতা সভা তথা ৱাৰ্ডৰ বাসিন্দাসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়৷ উল্লেখযোগ্য যে, গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ পদক্ষেপ হিচাপে ২০০ গৰাকীৰো অধিক স্বচ্ছতা প্ৰহৰী নিয়োগেৰে বিগত কিছু দিন ধৰি এই ৱাৰ্ডক আৱৰ্জনামুক্ত ৱাৰ্ড হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে৷ আজিৰ অনুষ্ঠানত মন্ত্ৰী সিংহলে এনে কেইগৰাকীমান স্বচ্ছতা প্ৰহৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰেপৰা ৪৮ নং ৱাৰ্ডৰ বাসিন্দাসকলে জাৱৰ সংগ্ৰহৰ বাবে মাহিলি কোনো মাছুল পৰিশোধ কৰিব নালাগে৷ পৌৰ নিগমৰ গাড়ীয়ে বাসিন্দাসকলৰ ঘৰৰ চৌহদৰ পৰা প্ৰতিদিনেই এক নিৰ্দিষ্ট সময়ত জাৱৰ সংগ্ৰহ কৰিব৷ ৱাৰ্ডৰ কোনো বাসিন্দাই পথ বা নলাত জাৱৰ পেলাব নোৱাৰিব, অন্যথাই জৰিমনা বিহিব লাগিব৷ নিজৰ ভাষণত মন্ত্ৰী সিংহলে কয় যে চৰকাৰে বা পৌৰ নিগমে কোনো এটা ৱাৰ্ডক ‘আদৰ্শ ৱাৰ্ড’ বুলি ঘোষণা কৰিলেই ই আদৰ্শ ৱাৰ্ড হৈ নাযায়, তাৰ বাবে লাগিব জনসাধাৰণৰ সম্পূৰ্ণ সহযোগিতা৷ আদৰ্শ ৱাৰ্ডৰ বাসিন্দাসকলে নিজেই স্বচ্ছতাকে ধৰি প্ৰতিটো পদক্ষেপতে আনৰ সন্মুখত আদৰ্শ দাঙি ধৰিলেহে চৰকাৰৰ এই প্ৰয়াস সফল হ’ব বুলি তেওঁ কয়৷ ৱাৰ্ডটোৰ বাসিন্দাসকলক আজিৰে পৰা বজাৰ-সমাৰ কৰোঁতে ঘৰৰ পৰা কাপোৰৰ মোনা লৈ যোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনাই তেওঁ কয় যে প্লাষ্টিক-পলিথিন বৰ্জনৰ অভিযান তেওঁলোকে নিজৰ পৰাই আৰম্ভ কৰিব লাগিব৷ ৱাৰ্ডটোক আদৰ্শ ৱাৰ্ডৰূপে পৰিচিত কৰোৱাৰ বাবে বিগত দিনকেইটাত দিনে-নিশাই কাম কৰা পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰী তথা স্বচ্চতা সৈনিকসকলৰ তেওঁ শলাগ লয়৷ এইক্ষেত্ৰত তেওঁ নিগমৰ যুটীয়া আয়ুক্ত লনি বৰপাত্ৰগোহাঁইৰ নাম বিশেষভাৱে উল্লেখ কৰে৷

আনহাতে, ৪৮ নং ৱাৰ্ডৰ পিছতেই জি এম চিৰ ৪৭ আৰু ৪৯ নং ৱাৰ্ড দুটাকো আদৰ্শ ৱাৰ্ড হিচাপে গঢ়ি তোলাৰ কাম আজিৰেপৰাই আৰম্ভ কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ অহা এটা বছৰৰ ভিতৰত গুৱাহাটী মহানগৰীৰ প্ৰতিটো ৱাৰ্ডকে “আদৰ্শ ৱাৰ্ড” হিচাপে গঢ়ি তোলা হ’ব বুলি সদৰী কৰি তেওঁ কয় যে বছৰৰ অন্তত ৱাৰ্ডসমূহৰ মাজত সমীক্ষা চলোৱা হ’ব আৰু যিটো ৱাৰ্ডে স্বচ্ছতাৰ দিশত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ’ব সেইটো ৱাৰ্ডলৈ ১ কোটি, ২য় স্থান প্ৰাপ্ত ৱাৰ্ডলৈ ৫০ লাখ আৰু ৩য় স্থান প্ৰাপ্ত ৱাৰ্ডলৈ ২৫ লাখকৈ টকা আগবঢ়োৱা হ’ব। এই ধনৰাশিৰে ৱাৰ্ডৰ ৰাইজৰ ইচ্ছানুসাৰে অতিৰিক্ত আঁচনি গ্ৰহণ কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰয়, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ মিশ্ৰ, নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড, স্বচ্ছ ভাৰত অভিযান (নগৰাঞ্চল)ৰ অভিযান সঞ্চালক হেমন্ত ভূঞাৰ লগতে স্বচ্ছতা প্ৰহৰীসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...

আৰু কিমান দিনলৈ ডিটেনছন কেম্পত থাকিব অবৈধ নাগৰিক?

চিনাক্তকৰণ হোৱা বিদেশী নাগৰিকৰ বহিস্কাৰ নকৰা সম্পৰ্কত কেন্দ্ৰ আৰু...

কোনে দখল কৰিব দিল্লীৰ শাসনৰ বাঘজৰী?

আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ ৭০খন আসনৰ...

আৰক্ষীৰ বেহু ফালি পলায়ন কৰিলে আচামীয়ে

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে। আৰক্ষীৰ বেহু...