গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা, সংবাদ মাধ্যমক অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান

সংবাদ মাধ্যমে ’ব্ৰেকিং নিউজ’ৰ দৌৰত বাতৰিৰ সত্যাসত্য নিৰূপণৰ প্ৰতি উদাসীন হ’ব নালাগে: মন্ত্ৰী হাজৰীকা

দিছপুৰ, ২০ মাৰ্চ: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে | অনুষ্ঠানত আজি মন্ত্ৰী গৰাকীয়ে গুৱাহাটী প্ৰেছ ক্লাবক ৰাজ্য চৰকাৰে আবণ্টন দিয়া ভূমিত ক্লাবৰ গৃহ নিৰ্মাণকাৰ্যৰ ভাৰ্চুৱেলী শিলান্যাস কৰাৰ লগতে সাংবাদিকৰ সন্তানৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গ্ৰহণ কৰা “গিফ্ট এ চাইল্ড এডুকেশ্যন” শীৰ্ষক বিশেষ আঁচনিৰো উদ্ধোধন কৰে | মন্ত্ৰী হাজৰীকাই গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ জ্যেষ্ঠ সাংবাদিকৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানতো আজি অংশ গ্ৰহণ কৰে |

অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিস্থাকালৰ সাংবাদিকসকলক সোঁৱৰণ কৰাৰ লগতে ক্লাবৰ সোণালী জয়ন্তী উপলক্ষে সকলো সদস্যকে অভিনন্দন জ্ঞাপন কৰে | ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই ভাৰতীয় সংবাদ মাধ্যমৰ প্ৰায় ২৪৩ বছৰীয়া আৰু অসমৰ সংবাদ জগতৰ প্ৰায় ১৭৫ বছৰীয়া গৰিমাময় ইতিহাসৰ কথা স্মৰণ কৰে | মন্ত্ৰী গৰাকীয়ে কয় যে স্বাধীনতাৰ আগৰ কালচোৱাত দেশৰ প্ৰায় সকলো স্বাধীনতা সংগ্ৰামীয়ে সংবাদ পত্ৰ সম্পাদনা আৰু প্ৰকাশনা কৰাৰ লগত দেশৰ স্বাধীনতা অনাৰ মহান উদ্দেশ্য জড়িত আছিল | তাৰোপৰি ৰাজা ৰামমোহন ৰায়ৰ দৰে চিৰনমস্য ব্যক্তিয়ে বাতৰি কাকতৰ জড়িয়তে সমাজৰ পৰা সতীদাহ প্ৰথাৰ দৰে কু সংস্কাৰ আঁতৰাবলৈও প্ৰয়াস কৰিছিল | এনে গৰিমাময় ইতিহাসেৰে সমৃদ্ধ আমাৰ সংবাদ মাধ্যমে সমাজত এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই সংবাদ মাধ্যমৰ ব্যক্তিসকলক নিজৰ গৰিমা অটুত ৰাখি অধিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় | সংবাদ মাধ্যমে আমাৰ দৰে পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে সংবাদ মাধ্যমৰ একাংশ ব্যক্তিয়ে “ব্ৰেকিং নিউজ”ৰ অঘোষিত প্ৰতিযোগিতাত নামি বাতৰিৰ সত্যসত্য নিৰূপণৰ প্ৰতি উদাসীন হৈ পৰা দেখা যায় | ই আমাৰ সমাজৰ বাবে শুভ লক্ষণ নহয় বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে | চৰকাৰে জনগণৰ কল্যাণৰ বাবে কৰা ভাল কামবোৰ সংবাদ মাধ্যমে মানুহৰ মাজলৈ লৈ যাব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে যদি চৰকাৰে ক’ৰবাত বেয়া কাম কৰিছে সেয়াও সংবাদ মাধ্যমে শক্তিশালী ৰূপত উপস্থাপন কৰিব লাগে |

আনহাতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সাংবাদিকৰ কল্যাণৰ বাবে গুৰুত্বসহকাৰে কাম কৰি থকা বুলি মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণ প্ৰসংগত আজি উল্লেখ কৰে | তেওঁ কয় যে প্ৰতি বছৰে সাংবাদিকতাৰ ফেল’শ্বিপ দি থকাৰ লগতে এককালীন সাহাৰ্যও দি থকা হৈছে | সাংবাদিকৰ চিকিত্সাৰ ব্যয়সমূহ প্ৰতি মাহৰ ১০ তাৰিখে সভা কৰি নিয়মিতৰূপত মুকলি কৰি থকা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে বৰ্তমান চৰকাৰখনে প্ৰথমৰে পৰাই সংবাদ মাধ্যমসমূহক চৰকাৰী বিজ্ঞাপনৰ বাবে পাবলগীয়া ধনসমূহ নিয়মিতৰূপত মুকলি কৰি আহিছে |

উল্লেখ্য যে আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে দ্য আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক পি.জে. বৰুৱা, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত ড০ সমুদ্ৰ গুপ্ত কাশ্যপ, গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰু মিশ্যনপ্ৰধান ৰাহুল আমিন আৰু বহুকেইজন জ্যেষ্ঠ সাংবাদিক আৰু গণ্যমান্য ব্যক্তি উপস্থিত আছিল |

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...