পৰ্যটকৰ বাবে ৩ দিন বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান

তিনিদিন পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। পহিলা এপ্ৰিলৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলিব গঁড় গণনা। সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্যত পৰ্যায়ক্ৰমে আৰম্ভ হৈছে গঁড়ৰ গণনা প্ৰক্ৰিয়া ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো ১ এপ্ৰিলৰ পৰা ৩ এপ্ৰিললৈ চলিব গঁড় গণনা ৷ এই গঁড় গণনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ প্ৰৱেশ বন্ধ থাকিব। এক বিবৃতিযোগে এই কথা সদৰি কৰিছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে ৷ উল্লেখযোগ্য যে, শেহতীয়া গণনা অনুসৰি মানাহত সৰ্বমুঠ ৪৮টা গঁড়ৰ অৱস্থিতি নথিভুক্ত হৈছিল ৷ অৱশ্যে এইবাৰ গণনাত গঁড়ৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলি জনাইছে বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাবুল ব্ৰহ্মই ৷ মানাহৰ তিনিওটা ৰেঞ্জতে চলিবলগীয়া এই গঁড় গণনাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...