১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰৰ বাবে আজিৰে পৰা ভেকচিন, দেশজুৰি অব্যাহত পঞ্জীয়ন

আজিৰে পৰা সমগ্ৰ দেশত আৰম্ভ হৈছে কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ বছৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন। প্ৰতিখন বিদ্যালয়ত এই বয়সৰ কিশোৰ–কিশোৰীসকলক ভেকচিন প্ৰদান কৰা হ’ব। বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় প্ৰশাসনৰ সহযোগত শিশুসকলক ক’ভিড ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে জিলা উপায়ুক্তৰ তদাৰকত ১৫ৰপৰা ১৮ বছৰৰ কিশোৰ–কিশোৰীক ভেকচিন প্ৰদান কৰা হ’ব। ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে।

জিলাসমূহত স্বাস্থ্য বিভাগৰ দলে স্থানীয় প্ৰশাসন আৰু বিদ্যায়ল কৰ্তৃপক্ষৰ সহযোগত এই প্ৰক্ৰিয়া সম্পন্ন কৰিব। কিশোৰ–কিশোৰীসকলক কেৱবল ক’ভাক্সিনহে দিয়া হ’ব। বৰ্তমান ৰাজ্যত মজুত আছে ১৪ লাখ পালি ক’ভাক্সিন প্ৰতিষেধক। ৪ জানুৱাৰীত অসমলৈ অতিৰিক্তভাবে ৮.১৬ লাখ ভেকচিন অনা হ’ব। ভেকচিন প্ৰদানৰ বাবে ইতিমধ্যে CoWin এপৰ জৰিয়তে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে আধাৰ কাৰ্ডৰ লগতে বিদ্যালয়ৰ পৰিচয় পত্ৰৰ জৰিয়তেও ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...