১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰৰ বাবে আজিৰে পৰা ভেকচিন, দেশজুৰি অব্যাহত পঞ্জীয়ন

আজিৰে পৰা সমগ্ৰ দেশত আৰম্ভ হৈছে কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ বছৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন। প্ৰতিখন বিদ্যালয়ত এই বয়সৰ কিশোৰ–কিশোৰীসকলক ভেকচিন প্ৰদান কৰা হ’ব। বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় প্ৰশাসনৰ সহযোগত শিশুসকলক ক’ভিড ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে জিলা উপায়ুক্তৰ তদাৰকত ১৫ৰপৰা ১৮ বছৰৰ কিশোৰ–কিশোৰীক ভেকচিন প্ৰদান কৰা হ’ব। ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে।

জিলাসমূহত স্বাস্থ্য বিভাগৰ দলে স্থানীয় প্ৰশাসন আৰু বিদ্যায়ল কৰ্তৃপক্ষৰ সহযোগত এই প্ৰক্ৰিয়া সম্পন্ন কৰিব। কিশোৰ–কিশোৰীসকলক কেৱবল ক’ভাক্সিনহে দিয়া হ’ব। বৰ্তমান ৰাজ্যত মজুত আছে ১৪ লাখ পালি ক’ভাক্সিন প্ৰতিষেধক। ৪ জানুৱাৰীত অসমলৈ অতিৰিক্তভাবে ৮.১৬ লাখ ভেকচিন অনা হ’ব। ভেকচিন প্ৰদানৰ বাবে ইতিমধ্যে CoWin এপৰ জৰিয়তে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে আধাৰ কাৰ্ডৰ লগতে বিদ্যালয়ৰ পৰিচয় পত্ৰৰ জৰিয়তেও ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...