ইন্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত ভাগৱত

নৱবৰ্ষৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰূপায়িত কৰিলে এক যুগান্তকাৰী কৰ্মসূচী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাই মুকলি কৰিলে ভাগৱতৰ ইণ্টাৰনেট সংষ্কৰণ । যোৱা দুটা বছৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ সম্পাদক দেৱাঞ্জন বৰাৰ নেতৃত্বত অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ অন্তৰালত সম্পূৰ্ণ হ’ল এই প্ৰয়াস। গোলাঘাট জিলাৰ ঢেকিয়ালৰ জিলা নামঘৰত এক আধ্যাত্মিক পৰিৱেশত এই ইণ্টাৰনেট সংস্কৰণ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। এতিয়াৰে পৰা অসমীয়া ভাগৱত ইণ্টাৰনেটতে লাভ কৰি । Googleত VAGAWAT চাৰ্ছ কৰিলেই সহজে পঢ়িব পাৰিব সম্পূৰ্ণ অসমীয়া ভাগৱত। Unicodeৰ জৰিয়তে ৰূপায়িত হৈছে সম্পূৰ্ণ প্ৰক্ৰিয়া। ইয়াৰ পূৰ্বে হিন্দী আৰু ইংৰাজী ভাষাত ভাগৱতৰ কিছু কিছু অংশ উপলব্ধ আছিল যদিও অসমীয়া ভাষাৰ কিয়দংশ পোৱা নগৈছিল।

অনুষ্ঠানত SSS Golaghat.com নামৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ ৱেবচাইটটো উন্মোচন কৰা হয়। ভাগৱতৰ ইণ্টাৰনেট সংস্কৰণ মুকলি কৰাৰ লগতে গোলাঘাট জিলা শাখাৰ এটি সভাগৃহ উন্মোচন কৰে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। ইয়াৰোপৰি এই বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘই মিউজিয়াম, অনুষ্ঠানটিৰ পদাধিকাৰ-প্ৰধান সম্পাদকৰ তৈলচিত্ৰ নিৰ্মাণ, ডিব্ৰুগড়, যোৰহাট, ধুবুৰী, গোৱালপাৰাত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শাখা স্থাপনৰ পৰিকল্পনা লোৱাৰ কথা উল্লেখ কৰে। নৱবৰ্ষৰ দ্বিতীয় দিনটোতে উত্তৰ-পূব ভাৰতৰ বৃহৎ আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাই কঢ়িয়াই আনিলে কেইবাটাও ইতিবাচক বতৰা। বিভিন্নজনে শলাগিছে এই পদক্ষেপক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...