প্ৰতিখন জিলাৰ SPৰে মুখ্যমন্ত্ৰীৰ বৈঠক, দুলীয়াজানত আজি কি কি সিদ্ধান্ত ল’ব?

নতুন বছৰটোত ৰাজ্যত অপৰাধজনিত ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। আজি প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰে মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজিৰে পৰা দুদিনীয়াকৈ দুলীয়াজানত অনুষ্ঠিত হ’ব SP CONFERENCE। ইয়াত সন্মিলনত অংশ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকল। ইতিমধ্যে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈছেগৈ দুলীয়াজানত। ইয়াৰ পূৰ্বেও ৰাজ্যৰ OC সকলৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কলাক্ষেত্ৰত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, আৰক্ষীয়ে চুৰি-ডকাইতি কৰায়ত্তৰ সমানে সমানে সামাজিক দায়িত্ববোধ তথা সমাজৰ আন আন কামতো সক্ৰিয়ভাবে অংশগ্ৰহণৰ পোষকতা কৰিছে। ইয়াৰ অংশ ৰূপে ৩১ ডিচেম্বৰত সুৰাবিৰোধী ব্যাপক অভিযানেৰে দুৰ্ঘটনা হ্ৰাস কৰা, একেই পদক্ষেপ ভোগালী বিহুৰ উৰুকাৰ দিনাও লোৱাৰ কথা প্ৰকাশ কৰিছে। একেদৰে, কোনো লোকৰ দুৰ্ঘটনাত মৃত্যু হলে ডেথ ৰিপৰ্ট ঘৰতে নিজেই গৈ দি অহা, পাছপৰ্ট, সাধাৰণ মানুহৰ সেৱাৰ কাম কৰিব আৰক্ষীয়ে। অসমত দুৰ্নীতি, বেয়া কাম কৰাৰ কাৰো সাহস নাই, ডুপ্লিকেট কাগজ উলিয়াই চাকৰি ললেও আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিব বুলি ১ জানুৱাৰীত সকীয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...