চক দে ফট্টে…মিছ ইউনিভাৰ্ছ হাৰ্নাজ সান্ধুৰ নজনা ১০টা কথা

হাৰ্নাজ কৌৰ সান্ধু আজি বিশ্বৰ চৰ্চিত নাম। বিশ্বৰ সকলো সুন্দৰীক চেৰ পেলাই হাৰ্নাজ কৌৰ সান্ধুৱে আজুৰিলে মিছ ইউনিভাৰ্ছৰ খিতাপ। পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ এখন সৰু গাঁও কোহালীত জন্মগ্ৰহণ কৰিছিল হাৰ্নাজে। কোহালীৰ পৰা ইজৰাইলৰ বিশ্বদৰবাৰলৈ হাৰ্নাজৰ বৰ্ণিল আৰু অনুপ্ৰেৰণাদায়ক জীৱন পৰিক্ৰমা।


২০০৬ চনত হাৰ্নাজৰ পৰিয়াল পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ কোহালী গাঁৱৰ পৰা ইংলেণ্ডলৈ স্থানান্তৰিত হৈছিল। পৰিয়ালটো তাত দুবছৰ আছিল, কিন্তু বিশেষ পৰিস্থিতিৰ বাবে হাৰ্নাজৰ পৰিয়াল ভাৰতলৈ ঘূৰি আহিব লগা হৈছিল। ভাৰতলৈ আহি মোহালিৰ ওচৰৰ খাৰাদত বসতি স্থাপন কৰিছিল আৰু ইয়াতেই হৰ্নাজৰ মিছ ইউনিভাৰ্ছ হোৱাৰ যাত্ৰা আৰম্ভ হৈছিল।


হৰনাজৰ ভায়েক হাৰনুৰ এগৰাকী মিউজিক কম্পজাৰ। ভগ্নীয়ে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জনৰ লগে লগে, ভাতৃয়ে ভগ্নীৰ আদৰণিৰ বাবে এটা নতুন গীত প্ৰস্তুত কৰি আছে। হাৰ্নাজ নিজেও সংগীতৰ অনুৰাগী। ভাৰতলৈ অহাৰ লগে লগে দুয়োজনে গানটো মুকলি কৰিব। হাৰনুৰে সদৰি কৰা মতে, তাই অহাৰ লগে লগে গানটোৰ ৰেকৰ্ডিং আৰম্ভ হ’ব।


ইয়াৰ পূৰ্বে ভাৰতে ২০০০ চনৰ ১২ মে’ত শেষবাৰৰ বাবে মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰিছিল। ভাৰতৰ লাৰা দত্তই সেই সময়ত বিশ্ব সুন্দৰীৰ খিতাপ দখল কৰিছিল। সেই সময়ত হৰ্নাজ কৌৰৰ বয়স আছিল মাত্ৰ ৫০ দিন। ২১ বছৰৰ পিছত ২১ বছৰীয়া হাৰ্নাজ সান্ধুৱে পুনৰ ভাৰতলৈ ঘূৰাই আনে এই সন্মান, বিজয়ৰ মুকুট।


হাৰ্নাজ কৌৰৰ জন্মভূমি গুৰদাসপুৰ জিলাৰ কোহলী গাঁওখনৰ জনসংখ্যা ১,৩৯৩। পঞ্জাৱনৰ এনে এখন গাঁৱৰ পৰা ওলাই আহি গোটেই পৃথিৱী জয় কৰাৰ বিশেষ অনুভৱ কেৱল হাৰ্নাজেহে অনুভৱ কৰিব পাৰে।


হাৰ্নাজ কৌৰ সান্ধুৱে ২০১৯ৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত ফাইনেলত উপনীত হৈছিল আৰু এইবাৰ মিছ ইউনিভাৰ্ছৰ ৭০সংখ্যক মুকুট দখল কৰে। মিছ ইউনিভাৰ্ছ ২০২১ৰ অনুষ্ঠান ইজৰাইলত অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাখনৰ বিচাৰক পেনেলত আছিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্বশী ৰৌতেলাও।


হাৰ্নাজ কৌৰে নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। নিজৰ পঢ়া-শুনাৰ লগতে অভিনয়ো কৰে হাৰ্নাজ কৌৰে। কেইবাখনো চলচ্চিত্ৰত কাম কৰিছে হাৰ্নাজে। অৱশ্যে, তাই এতিয়াও অধ্যয়ন কৰি আছে।


মিছ ইউনিভাৰ্ছ হোৱাৰ পূৰ্বে হাৰ্নাজে কেইবাটাও খিতাপ জিকিছিল। ২০১৭ চনত টাইমছ ফ্ৰেছ ফেচ মিছ চণ্ডীগড়, ২০১৮ চনত মিছ মেক্স ইমাৰ্জিং ষ্টাৰ খিতাপ দখল কৰিছিল। ২০১৯ চনত ফেমিনা মিছ ইণ্ডিয়া পঞ্জাৱ জিকিছিল আৰু এইবাৰ ২০২১ চনত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া খিতাপ জয় কৰি পৰিয়াল আৰু দেশৰ সন্মান বৃদ্ধি কৰে।


ৰাজহুৱা প্ৰশাসন বা পাব্লিক এডমিষ্ট্ৰেচন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হাৰ্নাজ সান্ধুৱে যথেষ্ট যোগ আৰু ধ্যান কৰে। মানসিক স্বাস্থ্যৰ প্ৰতিও সচেতন ব্ৰহ্মাণ্ড সুন্দৰীগৰাকী। শেহতীয়াকৈ হাৰ্নাজ সান্ধুৱে অধ্যয়ন কৰে মহাবিদ্যালয়খনৰ বাৰ্ষিক বঁটা বিতৰণ অনুষ্ঠানত হাৰ্নাজ সান্ধুৱক মহাবিদ্যালয়ৰ ডিভা বঁটা প্ৰদান কৰা হৈছিল।


হাৰ্নাজ সান্ধু চণ্ডীগড়ত বহু সময় পাৰ কৰিছিল। তেওঁৰ পৰিয়াল খেতিৰ সৈতে জড়িত আছিল। দেশৰ কৃষকসকলৰ বিষয়তো নিজৰ মত ৰাখিছিল সান্ধুৱে। যোৱাবাৰ চণ্ডীগড়লৈ অহাৰ সময়ত হাৰ্নাজে কৈছিল যে যদি চৰকাৰ আৰু কৃষকসকলে আলোচনা কৰি সমস্যাটো সমাধান কৰে তেন্তে ই শ্ৰেষ্ঠ বিকল্প হ’ব বা সকলোৰে মংগল হ’ব।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...