পঞ্জাৱৰ এখন পিছপৰা গাঁৱৰ পৰা ইজৰাইললৈ সোণসেৰীয়া যাত্ৰা। অন্নদাতা কৃষক আন্দোলনক লৈ কি ক’লে মিছ ইউনিভাৰ্ছ হাৰ্নাজ সান্ধুৱে?

0 86

ভাৰতীয় সুন্দৰীয়ে অৰ্জন কৰিলে বিশ্বৰ শীৰ্ষ সৌন্দৰ্য প্ৰতিযোগিতা মিছ ইউনিভাৰ্ছৰ খিতাপ। বিশ্বদৰবাৰত ভাৰতীয়ৰ দপদপনি। পঞ্জাৱৰ হাৰ্নাজ সান্ধুৱে পিন্ধিলে এই মুকুট। সুদীৰ্ঘ ২১ বছৰৰ মূৰত এই খিতাপ লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় সুন্দৰীয়ে। ২০০০ চনত লাৰা দত্তই এই খিতাপ লাভ কৰাৰ পিছত পঞ্জাৱৰ সুন্দৰী হাৰনাজ সান্ধুৱে এইবাৰ দখল কৰিবলৈ সক্ষম হ’ল মিছ ইউনিভাৰ্ছৰ সন্মান। ইজৰাইলৰ এলিয়াটত অনুষ্ঠিত হোৱা ৭০সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ২১ বছৰীয়া হাৰ্নাজ সান্ধুৱে পাৰাগুৱেৰ নাদিয়া ফেৰেইৰা আৰু দক্ষিণ আফ্ৰিকাৰ লেলেলা চাৱানেক পৰাজিত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়। ২০২০ৰ মিছ ইউনিভাৰ্ছ দক্ষিণ আফ্ৰিকাৰ এণ্ড্ৰিয়া মেজাই হাৰ্নাজৰ শিৰত পিন্ধাই দিয়ে মিছ ইউনিভাৰ্ছৰ মুকুট।

হাৰ্নাজে চণ্ডীগড়ত বহু সময় পাৰ কৰিছিল। হাৰ্নাজৰ পৰিয়াল খেতি বা কৃষিকৰ্মৰ সৈতে জড়িত আছিল। স্বাভাৱিকভাবে শিখসকল কৃষিকাৰ্যৰে জড়িত হৈ থাকে।

দেশৰ কৃষকসকলৰ বিষয়ত সদাসচেতন এইগৰাকী অতীব সুন্দৰী। মেগা প্ৰতিযোগিতাখনত অংশ লোৱাৰ পূৰ্বে যোৱাবাৰ চণ্ডীগড়লৈ অহাৰ সময়ত কৃষকৰ প্ৰতিবাদক লৈ মুকলি সমৰ্থন আগবঢ়াইছিল। প্ৰতিবাদী কৃষক আৰু চৰকাৰক আলোচনাত বহাৰ আহ্বান জনাইছিল।যদিহে চৰকাৰ আৰু কৃষকসকলে আলোচনাত মিলিত হৈ সমস্যাটো সমাধান কৰে তেন্তে ই সৰ্বশ্ৰেষ্ঠ বিকল্প বা সঠিক পথ হ’ব বুলি মন্তব্য কৰিছিল।

মিছ ইউনিভাৰ্ছ হোৱাৰ পূৰ্বে হাৰ্নাজে কেইবাটাও খিতাপ জিকিছিল। ২০১৭ চনত টাইমছ ফ্ৰেছ ফেচ মিছ চণ্ডীগড়, ২০১৮ চনত মিছ মেক্স ইমাৰ্জিং ষ্টাৰ খিতাপ দখল কৰিছিল। ২০১৯ চনত ফেমিনা মিছ ইণ্ডিয়া পঞ্জাৱ জিকিছিল আৰু এইবাৰ ২০২১ চনত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া খিতাপ জয় কৰি পৰিয়াল আৰু দেশৰ সন্মান বৃদ্ধি কৰে।

ৰাজহুৱা প্ৰশাসন বা পাব্লিক এডমিষ্ট্ৰেচন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হাৰ্নাজ সান্ধুৱে যথেষ্ট যোগ আৰু ধ্যান কৰে। মানসিক স্বাস্থ্যৰ প্ৰতিও সচেতন ব্ৰহ্মাণ্ড সুন্দৰীগৰাকী। শেহতীয়াকৈ হাৰ্নাজ সান্ধুৱে অধ্যয়ন কৰে মহাবিদ্যালয়খনৰ বাৰ্ষিক বঁটা বিতৰণ অনুষ্ঠানত হাৰ্নাজ সান্ধুৱক মহাবিদ্যালয়ৰ ডিভা বঁটা প্ৰদান কৰা হৈছিল।

ইজৰাইলৰ এলিয়াটত অনুষ্ঠিত হোৱা ৭০সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ২১ বছৰীয়া হাৰনাজ সান্ধুৱে পাৰাগুৱেৰ নাদিয়া ফেৰেইৰা আৰু দক্ষিণ আফ্ৰিকাৰ লেলেলা চাৱানেক পৰাজিত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়। ২০২০ৰ মিছ ইউনিভাৰছ দক্ষিণ আফ্ৰিকাৰ এণ্ড্ৰিয়া মেজাই হাৰনাজৰ শিৰত পিন্ধাই দিয়ে মিছ ইউনিভাৰ্ছৰ মুকুট।

ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ ত লাৰা দত্তই দখল কৰিবলৈ সক্ষম হৈছিল মিছ ইউনিভাৰ্ছৰ সন্মান। ২০০০ চনত লাৰা দত্তই এই খিতাপ লাভ কৰাৰ পিছত পঞ্জাৱৰ সুন্দৰী হাৰনাজ সান্ধুৱে এইবাৰ দখল কৰিবলৈ সক্ষম হ’ল মিছ ইউনিভাৰ্ছৰ সন্মান।

ভাৰতৰ সুন্দৰীয়ে অৰ্জন কৰিলে বিশ্বৰ শীৰ্ষ সৌন্দৰ্য প্ৰতিযোগিতা মিছ ইউনিভাৰ্ছৰ খিতাপ। বিশ্বজুৰি চৰ্চিত এক নাম হাৰ্নাজ কৌৰ সান্ধু।

২০০৬ চনত হাৰ্নাজৰ পৰিয়াল পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ কোহালী গাঁৱৰ পৰা ইংলেণ্ডলৈ স্থানান্তৰিত হৈছিল। পৰিয়ালটো তাত দুবছৰ আছিল, কিন্তু বিশেষ পৰিস্থিতিৰ বাবে হাৰ্নাজৰ পৰিয়াল ভাৰতলৈ ঘূৰি আহিব লগা হৈছিল। ভাৰতলৈ আহি মোহালিৰ ওচৰৰ খাৰাদত বসতি স্থাপন কৰিছিল আৰু ইয়াতেই হৰ্নাজৰ মিছ ইউনিভাৰ্ছ হোৱাৰ যাত্ৰা আৰম্ভ হৈছিল।

এই অনুষ্ঠানটো সমগ্ৰ বিশ্বতে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল, যাক টিভিত লাখ লাখ লোকে চায়। সূদীৰ্ঘ ২১ বছৰৰ পিছত লাৰা দত্তৰ পিছত হৰনাজে দেশৰ হৈ খিতাপ জয় কৰিছে। ৮০ খন দেশৰ অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল।

জয়ৰ লগে লগে সকলোৱে জনাইছে শুভেচ্ছা, চৌদিশে আনন্দৰ জোৱাৰ, কোটি কোটি ভাৰতীয়াই জনাইছে অভিনন্দন।

Leave A Reply

Your email address will not be published.