অসমৰ এই ১০টা স্থানত নতুনকৈ নিৰ্মাণ হ’ব উৰণীয়া সেতু

ৰাজ্যৰ দ্ৰুত উন্নয়ন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে পদক্ষেপ বিজেপি চৰকাৰৰ। বৰ্তমানে নিৰ্মাণৰত ফ্লাইঅভাৰৰ লগতে আৰু ১০খন নতুনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হব। আজি নতুন দিল্লীত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ কঠিয়াতলি, বৰঘাট, ডিমৌ, ৰহা, বাইহাটা, শিমলুগুৰি, বঙাইগাঁও শোধনাগাৰ, চাপাগুৰি, পাঠশালা আৰু জাগীৰোডত নতুনকৈ নিৰ্মাণ হব উৰণসেতু। এই ১০খন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে ব্যয় হব ৭৩৮ কোটি টকা। ইতিমধ্য়ে এই মেগা প্ৰকল্পৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়ে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...