অসমৰ এই ১০টা স্থানত নতুনকৈ নিৰ্মাণ হ’ব উৰণীয়া সেতু

ৰাজ্যৰ দ্ৰুত উন্নয়ন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে পদক্ষেপ বিজেপি চৰকাৰৰ। বৰ্তমানে নিৰ্মাণৰত ফ্লাইঅভাৰৰ লগতে আৰু ১০খন নতুনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হব। আজি নতুন দিল্লীত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ কঠিয়াতলি, বৰঘাট, ডিমৌ, ৰহা, বাইহাটা, শিমলুগুৰি, বঙাইগাঁও শোধনাগাৰ, চাপাগুৰি, পাঠশালা আৰু জাগীৰোডত নতুনকৈ নিৰ্মাণ হব উৰণসেতু। এই ১০খন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে ব্যয় হব ৭৩৮ কোটি টকা। ইতিমধ্য়ে এই মেগা প্ৰকল্পৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়ে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...