পৱিত্ৰ মাৰ্ঘেৰিটা, ৰণগৌৰা নাৰ্জাৰী ৰাজ্যসভালৈ নিৰ্বাচিত!

ৰাজ্যজুৰি ৰাজ্যসভা নিৰ্বাচনক লৈ গৰম ৰাজনীতি। ৩১ মাৰ্চত কোনে শেষ হাঁহি মাৰিব তাক লৈ সৰৱ আলোচনা। ঘনে ঘনে সলনি হৈছে দৃশ্যপট। এফালে যদি মুখ্যমন্ত্ৰীৰ আত্মবিশ্বাসী সুৰ, আনফালে বিৰোধীৰো এখন আসনত জয়ী হোৱাৰ প্ৰবল দাবী। প্ৰথম পচন্দ হিচাপে পৱিত্ৰ মাৰ্ঘেৰিটা জয়ী হোৱাটো নিশ্চিত যদিও দ্বিতীয়খন আসনত জয়ক লৈ এতিয়াও নিশ্চিত নহয় দুয়োগৰাকী প্ৰাৰ্থী। বিৰোধী শিৱিৰৰ তথা বৰ্তমানে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা অৱতীৰ্ণ হোৱাৰ বিপৰীতে UPPLৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰী অৱতীৰ্ণ হৈছে নিৰ্বাচনত। কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে গুগলত বিজয়ী ঘোষণা কৰা হৈছে বিজেপি মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীক। ৰিপুণ বৰাৰ কোনো নাম উল্লেখ নথকাৰ বিপৰীতে ৰণগৌৰা নাৰ্জাৰী আৰু পৱিত্ৰ মাৰ্ঘেৰিটাক জয়ী বুলি উল্লেখিত হৈছে।

আনহাতে, আশ্চৰ্যজনকভাবে পৱিত্ৰ মাৰ্ঘেৰিটাৰ কাৰ্যকাল ৩ এপ্ৰিলৰ পৰা দেখুওৱা হৈছে। ২০২৮ৰ ২ এপ্ৰিললৈ কাৰ্যকাল শেষ হোৱাৰ দিন উল্লেখ হৈছে গুগলত। ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে দৈনিক তথ্য সংগ্ৰহৰ বাবে বা নিজৰ প্ৰয়োজনত বা অনুসন্ধিত্সাৰ বাবে অধিকাংশই ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু তথ্য বিভ্ৰাট অথবা ইচ্ছাকৃতভাবে প্ৰদৰ্শিত এই তথ্যই স্বাভাৱিকতে হতচকিত কৰিছে একাংশ লোকক। অৱশ্য়ে ৩১ মাৰ্চৰ পিছত স্পষ্ট হৈ পৰিব দিল্লীলৈ কোন নিৰ্বাচিত হৈ শেষ হাঁহি মাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধুবুৰীৰ ছাগলীয়াত আৰক্ষীৰ গুলীচালনা, য়াবা টেবলেট আৰু ব্ৰাউন ছুগাৰসহ আটক ২ সৰবৰাহকাৰী

ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়া তিনিআলিত আৰক্ষীৰ গুলীচালনাৰ ঘটনা। ড্ৰাগছ...

জয়পুৰৰ পিতৃগৃহত ঘনকান্ত গগৈৰ মৃতদেহ; এনকাউণ্টাৰক লৈ পত্নীৰ সন্দেহ, পুত্ৰক সাহসী আখ্যা ঘনকান্তৰ মাতৃৰ

জয়পুৰৰ পিতৃগৃহত উপস্থিত কৰা হৈছে ঘনকান্ত গগৈৰ মৃতদেহ। স্বামীৰ...

তিনিচুকীয়াত NIOS পৰীক্ষাকেন্দ্ৰত ধনৰ খেল! আৰক্ষীৰ জালত অধ্যক্ষসহ কেইবাজনো

তিনিচুকীয়াত NIOS পৰীক্ষাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ ঘটনা। ধনৰ বিনিময়ত...

জাগীৰোডত পুনৰ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য! মহিলাক ডিঙি চেপি আক্ৰমণ, অশালীন গালি-গালাজ

জাগীৰোডৰ ৰে’লৱে উৰণ সেতুৰ তলত দিনকদিনে বৃদ্ধি পাইছে ই-ৰিক্সা...