ভাল খবৰ! কাজিৰঙাত বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা

ঘোষণা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত শেহতীয়াকৈ সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল। ২০০টা গঁড় বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা এশিঙীয়া গঁড়ৰ গণনাত পোৱা গ’ল মুঠ ২,৬১৩টা গঁড়। ইয়াৰে, প্ৰাপ্ত বয়স্ক মতা গঁড় ৭৫০টা, মাইকী গঁড় সংখ্যা ৯০৩টা আৰু লিংগ চিনাক্ত নোহোৱা গঁড়ৰ সংখ্যা ১৭০টা।

অপ্ৰাপ্তবয়স্ক মতা গঁড় ১১৬টা, মাইকী গঁড় সংখ্যা ১৪৬টা আৰু লিংগ চিনাক্ত নোহোৱা গঁড়ৰ সংখ্যা ১০৩টা। আনহাতে, ১ৰ পৰা ৩ বছৰ বয়সৰ গঁড়ৰ সংখ্যা ২৭৯টা আৰু পোৱালি গঁড়ৰ সংখ্যা ১৪৬ পোৱা গ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, কিছু পৰিমাণে বতৰে বিধি পথালি দিয়াৰ বাবে গণনাত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়৷ যাৰ বাবে গঁড়ৰ সংখ্যা নিৰূপণত তাৰতম্য পোৱা গৈছে৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬ৰ পৰা ২৮ মাৰ্চলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল গঁড় পিয়ল ২০২২৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...