কেনেকৈ তিনিদিনত ৫০০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হ’ল RRR?

0 80

সুৰজিত শইকীয়া

RRRক ৰাইজে সাংঘাতিক ৰূপত আদৰি লওঁক। Marketing, PR, Publicityৰ লগতে ছবিখনৰ পটভূমি, Star Cast, Cinematography, Acting আৰু অন্যান্য বহু দিশত অনন্য এই ছবিখন। দাক্ষিণাত্যৰ বিখ্যাত ছবি পৰিচালক SS Rajamouli… এক কথাত ক’ব গ’লে ‘He is known for making Films larger than life. ‘মগধীৰা, বাহুবলী প্ৰথম আৰু দ্বিতীয় খণ্ড, এই ধৰণৰ Big Budget Mega Blockbuster ছবি নিৰ্মাণ কৰি বিশ্বজুৰি সফলতাৰ চাপ এৰি থৈছে ইতিপূৰ্বে পৰিচালকজনে। তেওঁৰ ছবি সমূহে লাভ কৰা অপাৰ সফলতাৰ বাবে আপোনাৰ মোৰ দৰে অগণন দৰ্শকে আশা কৰে যে, ‘ৰাজামৌলিৰ পৰৱৰ্তী ছবিখনৰ বিষয়বস্তু সাংঘাতিক হ’ব। ৰাইজৰ তেনে Expectation স্বাভাৱিক। কিন্তু তাৰ মাজত এটা কথা থাকি যায়, সেই কথাটো হৈছে ‘Can the director live up to the people’s expectations? আৰু এই প্ৰশ্নৰ যদি মই উত্তৰ বিচাৰি যাওঁ তেন্তে উত্তৰত পাও ‘দৰ্শকৰ মাজলৈ RRR আনি ৰাজামৌলি ১০০% সফল হৈছে। কিন্তু কেনেকৈ ইমান সফল হ’ল ৰাজামৌলিৰ RRR? মুক্তিৰ প্ৰথম দিনাই ২০০ কোটিৰো অধিক ব্যৱসায় আৰু তৃতীয় দিনৰ অন্তত ৫০০ কোটিতকৈ অধিক উপাৰ্জন সম্ভৱ হৈ উঠিল ছবিখনৰ বাবে, যাক আমি এক কথাত ক’ব পাৰো Box Officeত অকল্পনীয় ব্যৱসায়।

দক্ষিণ ভাৰতৰ Superstarদ্বয় ‘ৰাম চৰণ তেজা, জুনিয়ৰ এনটিআৰ, বলিউদ চুপাৰষ্টাৰ অজয় দেৱগন, মোহময়ী আলিয়া ভাত্ত, শ্ৰীয়া চৰণৰ সন্মিলিত শক্তিশালী ষ্টাৰ কাষ্টে ছবিখন নিৰ্মাণ হোৱাৰ ঘোষণাৰ দিনৰ পৰাই ৰাইজৰ মাজত এক কৌতুহলৰ সৃষ্টি কৰি আহিছিল। ছবিখনৰ মুক্তি হোৱাৰ ৩ বছৰ মানৰ আগৰ পৰাই ছুটিং আৰু Pre-Promotionৰ কাম আৰম্ভ হৈ গৈছিল, ছবিখনৰ Poster, Teaser, Trailer launchএ জনপ্রিয়তাৰ অভিলেখ ভংগ কৰিছিল। ৰাইজৰ মাজত RRRকলৈ চৰ্চা আৰম্ভ হৈ গৈছিল ‘সকলোৱে জানিবলৈ ইচ্ছুক হৈ পৰিছিল যে কি আছে ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ বাজেটেৰে নিৰ্মাণ হ’বলগীয়া ছবিখনত? কি থাকিব, কেনেকৈ নিৰ্মাণ হ’ব প্ৰায় ৫৫০ কোটি টকা বাজেটৰ RRR? আপুনি হয়তো বিশ্বাস নকৰিব কিন্তু ‘যোৱা তিনিবছৰত ছবিখনৰ প্ৰযোজক DVV Dannayaয়ে প্ৰায় ২০ কোটিৰো অধিক টকা RRRৰ Marketing, PR আৰু Publicityৰ নামত খৰছ কৰিছিল, ৭০ কোটিৰো অধিক টকা ছবিখনৰ Special effects আৰু VFXৰ নামত পানীৰ দৰে খৰছ কৰি দিছিল, যি টকাত হয়তো এখন Big budget বলিউড ছবি নিৰ্মাণ হৈ যাব। ৰাইজে কল্পনা কৰিব নোৱাৰাকৈ টকা খৰচ কৰা হৈছিল ছবিখনৰ নামত।

কি সামাজিক মাধ্যম, কি টেলিভিছন, সকলোতে বিগত তিনিটা বছৰে সময়ে-সময়ে চৰ্চাত আছিল RRR, কাৰণ ছবিখনৰ পৰিচালক, প্ৰযোজকৰ সপোন আছিল দেশৰ ইতিহাসৰ সৰ্ববৃহৎ ছবি এখন দৰ্শকক উপহাৰ দিয়াৰ। তিনি দিন পূৰ্বে ২৫ মাৰ্চ তাৰিখে ভাৰত তথা বিশ্বৰ প্ৰায় ৬০খন দেশৰ প্ৰায় ৮০০০ স্ক্ৰীনত ছবিখন মুক্তি দিয়া হ’ল। ছবিখনৰ দৈৰ্ঘ্য ৩ ঘন্টা ১ মিনিট যদিয়ো আপোনাৰ ১ মিনিট সময়ো আমনি নালাগিব থিয়েটাৰৰ ছিটত বহি। দক্ষিণ ভাৰতৰ মুক্তিযোদ্ধা Alluri Seetharamana Raju আৰু Komaran Bheemৰ জীৱনভিত্তিত নিৰ্মিত RRRৰ সফলতাৰ মূল নায়ক হৈছে ছবিখনৰ পটভূমি, চিত্ৰনাট্য, অভিনয়, VFX আৰু Treatment. চমৎকাৰ নিৰ্দেশনাৰে নিৰ্দেশক SS ৰাজমৌলিয়ে এই সময়ছোৱা আপোনাক থিয়েটাৰৰ ছিটত বহি থাকিবলৈ বাধ্য কৰিব। Acting, Emotion, Action, Graphics, VFX, Cinematography প্ৰতিটো দিশতে RRRৰ জয় জয় ময় ময়।

জুনিয়ৰ এনটিআৰ আৰু ৰাম চৰণ তেজাই প্ৰথমবাৰৰ বাবে এখন ছবিত একেলগে অভিনয় কৰিছে, আৰু দুয়োৰে এই যুটি আৰু Compatibility হৈছে ছবিখনৰ USP. ৰাম চৰণ তেজাই যেতিয়া নিজৰ প্ৰথমতো Sceneত শতাধিক লোকৰ মাজৰ পৰা এজন বিদ্রোহীক আটক কৰে সেই Sceneতো দুৰ্দান্ত, হয়তো অনাগত দিনত মোবাইল ফোনত আপুনি সেই Sceneটো Rewind কৰি কৰি চাব। সমান্তৰালভাৱে জুনিয়ৰ এনটিআৰৰ Introduction Sceneটোত হাবিৰ মাজে মাজে দৌৰ আৰু বাঘৰ লগত হোৱা যুঁজখনো আপুনি এবাৰ চালে পাহৰিব নোৱাৰিব। যদিয়ো ৰাম চৰণৰ পিতৃৰ ভূমিকাত অজয় দেৱগন আৰু প্ৰেয়সীৰ চৰিত্ৰত অভিনয় কৰা আলিয়া ভাটৰ ভূমিকা তুলনামূলকভাৱে যথেষ্ট কম যদিও তেওঁলোকৰ অভিনয়ে আপোনাৰ মনত সাঁচ পেলাই যোৱাটো নিশ্চিত। নৃত্য আৰু সংগীত অতুলনীয় ছবিখনৰ। কেইবাগৰাকী বিদেশী অভিনেতা অভিনেত্ৰীয়ে RRRত চমকপ্ৰদ অভিনয় কৰিছে, তাৰ মাজতে ছবিখনৰ মূল খলনায়ক গভৰ্ণৰ স্কটৰ চৰিত্ৰ ৰূপায়ণ কৰা ৰেয় ষ্টিভেনচনৰ ওপৰত আপোনাৰ খং উঠিব, যিহেতু তেওঁ নেতিবাচক চৰিত্ৰত সুন্দৰ অভিনয় কৰিছে সেইবাবে ছবিখন উপভোগ কৰা দর্শক সকল তেওঁৰ ওপৰত খৰ্গহস্ত হোৱাতো নিশ্চিত। MM Keeravaniয়ে সংগীত পৰিচালক হিচাপে নিজৰ জীৱনৰ অন্যতম প্ৰদৰ্শন কৰিছে RRRত। Hollywoodৰ Action Director Nick Powelএ দুৰ্দান্ত Action Sequence সৃষ্টি কৰিছে ছবিখনত। এনে দৃশ্য আছে RRRত য’ত হঠাৎ আপোনাৰ চকুত চকুপানী আহি যাব আৰু হঠাৎ আপোনাৰ মুখত হাঁহি এটা ফুটি উঠিব। মুঠতে ছবিখনৰ প্ৰতিটো দৃশ্যতে এছএছ ৰাজমৌলিয়ে নিজৰ ১০০% দিছে, আৰু ছবিখনৰ লগত জড়িত প্ৰতিজন কলা-কুশলীয়ে নিজৰ সৰ্বোচ্চ উজাৰি দিছে যাতে ছবিখন ভাৰতৰ ছবিজগতৰ ইতিহাসৰ অন্যতম ব্লকবাস্তাৰ ছবি হিচাপে পৰিগণিত হওঁক।

Leave A Reply

Your email address will not be published.