জলসম্পদ বিভাগৰ অধীনত চলি থকা কামসমূহৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনৰ সভাগৃহত বিভাগীয় এখন পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ. আব্বাচীৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াৰ পৰা বিগত সময়ত বিভাগৰ অধীনত চলি থকা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বিভিন্ন কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। বিভাগত দুই এটা কাম বিগত তিনিটা বছৰ ধৰি সম্পূৰ্ণ নোহোৱাকৈ চলি থকা বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাৰ পৰা এই বিষয়ে কৈফিয়ৎ আদায় কৰে। বিশেষকৈ বিভাগৰ অধীনত কাম কৰি থকা ঠিকাদাৰসকলো উপস্থিত থকা আজিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে সময়মতে কাম শেষ কৰিব নোৱাৰা ঠিকাদাৰৰ প্ৰতি বিভাগীয়ভাৱে কঠোৰ হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে কয়, “ঠিকাদাৰে সময়মতে কাম কৰক, নহলে জলসম্পদ বিভাগৰ পৰা বিদায় লওক”।

আনহাতে নিৰ্দ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰক অতিৰিক্ত সময় দিয়াৰ ক্ষেত্ৰত বিশ্বাসযোগ্য কাৰণ নাথাকিলে বিভাগীয় অভিযন্তাসকলকো জবাবদিহী কৰিবলৈ মন্ত্ৰী হাজৰীকাই মুখ্য অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে। তিনিটাকৈ বৰ্ষৰ ভিতৰতো একেটা কাম শেষ কৰিব নোৱাৰা ঠিকাদাৰসকলে বিভাগত পুনৰ কাম লাভ কৰিব নোৱাৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগক নিৰ্দেশ দিয়ে। মাজে মাজে বিভাগৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰিবলৈও মন্ত্ৰীগৰাকীয়ে মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে। জলসম্পদ বিভাগৰ কামসমূহ সময়মতে সমাপ্ত কৰিব নোৱাৰিলে বাৰিষাৰ সময়ত সাধাৰণ ৰাইজ সমস্যাত পৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় সকলোকে তৎপৰতাৰে বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ স্থায়ী কামসমূহ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সমাপ্ত কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জলসম্পদ বিভাগৰ কামসমূহ অহা চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে বিভাগৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত বিভাগক সময়সীমা মানি চলি কামসমূহ কৰিবলৈ আজিৰ বৈঠকতে মন্ত্ৰী হাজৰীকাই নিৰ্দেশনা প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...