গৰু-ম’হ নহয় এইবাৰ পথাৰত থৰ

পথাৰত হাল বোৱাত সাধাৰণতে গৰু-ম’হ নাইবা ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। এইবাৰ পথাৰত হাল বোৱাত ব্যৱহাৰ বিলাসী Mahindra Thar। বিলাসী বাহনেৰে হাল বোৱাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। সাধাৰণতে বিলাসী বাহন লোকসকলে যাত্ৰাৰ বাবে ব্যৱহাৰ কৰে। কিন্তু এই যুৱক জনৰ এই অদ্ভুত কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে। বিলাসী বাহনেৰে হাল বাই ভাইৰেল কাছাৰৰ কালাইন অঞ্চলৰ চাকিল আহমেদ। কিন্তু কিয় বিলাসী বাহনেৰে হাল বালে চাকিলে?

ইয়াৰ আঁৰতো আছে এক কাহিনী। চাকিলৰ এজন বন্ধুৰ এখন Thar বাহন আছিল। এদিন চাকিলে সেই বাহনখন চলাব বিচাৰিছিল। কিন্তু চাকিলৰ সেই বন্ধুজনে চাকিলক বাহনখন চলোৱাত বাধা দিলে। চাকিলে সেই দিনাই শপত খালে যে চাকিলে নিজে Thar বাহন ক্ৰয় কৰিব। কথামতেই কাম। চাকিলে শনিবাৰে এখন নতুন থাৰ বাহন ক্ৰয় কৰিলে। ক্ৰয় কৰিয়ে পথাৰত হাল বোৱাত ব্যস্ত হৈ পৰিল চাকিল। আৰু চাকিলৰ হাল বোৱা ভিডিঅ এতিয়া ভাইৰেল সামাজিক মাধ্যমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গাজাৰ ‘শান্তি ব’ৰ্ড’ৰ মঞ্চলৈ ভাৰতক আমন্ত্ৰণ জনাইছে ড’নাল্ড ট্ৰাম্পে

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ গাজাত...

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...