এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ জিলাত। বাঢ়নী পানীৰ ভয়ানক পকনীয়াই উটুৱাই নিছিল বহু লোকক। নাজিৰাৰ হুলাংকাটনি গাঁৱত ৯ ঘন্টা ধৰি গছৰ ওপৰত উঠি কোনোমতে প্ৰাণ ৰক্ষা কৰিছিল দুটা পৰিয়ালে। বিগত দেওবাৰে সন্ধিয়া গছত উঠি প্ৰাণ ৰক্ষা কৰাৰ পিছত সোমবাৰে পুৱা SDRF-এ উদ্ধাৰ কৰিছিল পৰিয়াল দুটাক। পৰিয়াল দুটাক উদ্ধাৰৰ সেই দৃশ্য সামাজিক মাধ্যমত আপলোড কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি সেই পৰিয়াল দুটাৰে কাষত আমাৰ NKTVৰ সাংবাদিক সুকল্যাণ ৰাজখোৱা। দুয়োটা পৰিয়ালে আমাৰ সাংবাদিকৰ সন্মুখত দিলে ভয়াবহ বানৰ শিহৰণকাৰী বৰ্ণনা।
এসপ্তাহ পূৰ্বে আচম্বিতে নামি আহিছিল প্ৰলয়
বাঢ়নী পানীৰ পকনীয়াই উটুৱাই নিছিল বহুজনক
গছত উঠি কোনোমতে প্ৰাণ ৰক্ষা কৰিছিল দুটা পৰিয়ালে
৯ ঘন্টা পিছত পৰিয়াল দুটাক উদ্ধাৰ SDRFৰ
আজি পৰিয়াল দুটাৰ কাষত NKTVৰ সাংবাদিক
১৯ জুলাই, দেওবাৰৰ সন্ধিয়া
আচম্বিতে নামি আহিছিল প্ৰলয়
কি হৈছে, কেনেকৈ হৈছে, গাঁৱৰ ৰাইজে তলকিব পৰাৰ পূৰ্বেই শিৱসাগৰ আৰু চৰাইদেউত বাঢ়নী পানীৰ ভয়াবহ পকনীয়াই উটুৱাই লৈ গৈছিল বহুজনক। ২০ জুলাই সোমবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল প্ৰলয়ৰ ভয়াবহতা আৰু নিৰীহ মানুহৰ আৰ্তনাদৰ বুকু কঁপি উঠা দৃশ্যবোৰ। দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক পেজত আপলোড কৰিছিল নাজিৰাৰ হুলাংকাটনি গাঁৱৰ দুটা পৰিয়ালক SDRF বাহিনীয়ে উদ্ধাৰ কৰাৰ দৃশ্য।
গছৰ ওপৰত উঠি কোনোমতে প্ৰাণ ৰক্ষা কৰিছিল পৰিয়াল দুটাই
তলত বাঢ়নী পানীৰ ভয়ানক পকনীয়া
কোনোমতে গছৰ ডালত ৰৈ গৈছিল ৪ জন লোক
৯ ঘন্টা পিছত পৰিয়াল দুটাক উদ্ধাৰ কৰিছিল SDRF-এ
এসপ্তাহ পিছত সেই পৰিয়াল দুটাৰ কাষত উপস্থিত হৈছে NKTVৰ শিৱসাগৰৰ সাংবাদিক সুকল্যাণ ৰাজখোৱা। কেমেৰাৰ সন্মুখত আটাইকেইজনে দিলে আকস্মিক ভাৱে অহা বানৰ ভয়বহতাৰ শিহৰণকাৰী বৰ্ণনা। নাৰিকল গছৰ ওপৰত উঠি প্ৰাণ ৰক্ষা কৰিছিল এজনে। দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ সন্তানসহ আন এটা ৩ জনীয়া পৰিয়ালেও কোনোমতে প্ৰাণ ৰক্ষা কৰিছিল এজোপা গছৰ ওপৰত উঠি। পুত্ৰৰ প্ৰাণৰক্ষাই আছিল প্ৰাথমিক উদ্দেশ্য। গছৰ ওপৰলৈ উঠি গৈছিল সি। গছৰ ডালতে ধৰি কোনোমতে ৰৈ গৈছিল মাক-দেউতাক। ১৯ জুলাই দেওবাৰৰ সন্ধিয়া প্ৰায় ৫.৩০ বজাৰ সেই অভিসপ্ত সময়খিনিৰ কথা সুঁৱৰিলে দৰিদ্ৰ পৰিয়ালটোৱে। ৯ ঘন্টা তেনেকৈয়ে ৰৈ আছিল পৰিয়াল দুটা। ২০ জুলাই, সোমবাৰে পুৱা প্ৰায় ৪.৩০ বজাত সেই স্থানত উপস্থিত হৈছিল SDRF বাহিনীৰ স্পীড বোট। গছৰ ওপৰত তেনেকৈ উদ্ধাৰকাৰী দলৰ বাবে অপেক্ষা কৰি থকা পৰিয়াল দুটাক দেখি চিঞৰি উঠিছিল SDRFৰ দল। আমৃত্যু এই ঘটনা পাহৰিব নোৱাৰিব পৰিয়াল দুটাই। ঘৰ বুলিবলৈ এতিয়া একো নাই। এসপ্তাহ পূৰ্বে কালৰূপ ধৰাণ কৰি অহা বাঢ়নী পানীয়ে উটুৱাই নিলে সকলো। পৰিয়াল দুটাৰ আহ্বান– মুখ্যমন্ত্ৰীয়ে সহায় কৰক। চৰাইদেউৰ শেহতীয়া বানত আটাইতকৈ ক্ষতিগ্ৰস্ত গাঁওখনেই আছিল হুলাংকাটনি। এই গাঁৱতে বাঢ়নী পানীৰ ভয়ানক পকনীয়াই উটুৱাই নিছিল ৰোজ নেওঁগ নামৰ এজন লোকক। ৩ দিন পিছত উদ্ধাৰ হৈছিল ৰোজ নেওঁগৰ মৃতদেহ।
