অন্ধত্বক জয় কৰি মানবতাৰ জয়গান

এই ৰঙীন পৃথিৱীখনৰ প্ৰতি প্ৰতিজন মানুহৰ থাকে হাজাৰটা সপোন। নিজৰ বুলিবলৈ কেইটামান মৰমৰ সম্পৰ্ক আৰু এখন সুন্দৰ সংসাৰ। কিন্তু দৃষ্টিহীন লোকসকলৰ চৌপাশৰ আকাশখন সদায়েই আন্ধাৰ, মাথোঁ সৰ্বগ্ৰাসী আন্ধাৰ। তথাপিও কিন্তু হাৰ নামানে তেওঁলোকে। গোলাঘাটৰ এনে ৫ দৃষ্টিহীন লোকৰ সংগ্ৰামী যাত্ৰাক কাহিনীৰে আমাৰ এই বিশেষ প্ৰতিবেদন।

ইজনে সিজনৰ কান্ধত ধৰি ৫ দৃষ্টিহীন লোকৰ সংগ্ৰামী যাত্ৰা
গোলাঘাটৰ পৰা পাঠশালালৈ দীপক হাজৰিকাৰ প্ৰশংসনীয় যাত্ৰা
সদৌ অসম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ বাবে সহায় ভিক্ষা
দলটোৰ নেতৃত্বত গোলাঘাটৰ এগৰাকী যুঁজাৰু – দীপক হাজৰিকা
২০২০ চনত নিজৰ ঘৰ-মাটি দান দি খুলিছিল দৃষ্টিহীন লোকৰ আশ্ৰম
সম্প্ৰতি ১০ জন দৃষ্টিহীন লোকৰ আশ্ৰয়স্থল দীপকৰ আশ্ৰম
অন্ধত্বক জয় কৰি মানবতাৰ জয়গান
ইজনে সিজনৰ কান্ধত ধৰি ৫ দৃষ্টিহীন লোকৰ সংগ্ৰামী যাত্ৰা
গোলাঘাটৰ পৰা পাঠশালালৈ দীপক হাজৰিকাৰ প্ৰশংসনীয় যাত্ৰা

ৰঙীন পৃথিৱীখনৰ প্ৰতি প্ৰতিজন মানুহৰ থাকে হাজাৰটা সপোন। নিজৰ বুলিবলৈ কেইটামান মৰমৰ সম্পৰ্ক আৰু এখন সুন্দৰ সংসাৰ। কিন্তু… নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! এই দৃষ্টিহীন লোকসকলৰ চৌপাশৰ আকাশখন সদায়েই এন্ধাৰ, মাথোঁ সৰ্বগ্ৰাসী আন্ধাৰ। তথাপিও… হাৰ মনা নাই এওঁলোকে। গোলাঘাটৰ পৰা দুজন পুৰুষ আৰু তিনিগৰাকী মহিলা দৃষ্টিহীন লোকে ইজনে সিজনৰ কান্ধত ভৰ দি, হাতত হাত থৈ এইদৰে উপস্থিত হৈছেহি পাঠশালা নগৰীত। বাটে বাটে তেওলোকে মাগি ফুৰিছে ২০২০ চনত গোলাঘাটত প্ৰতিষ্ঠা লাভ কৰা,

সদৌ অসম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ বাবে সহায় ভিক্ষা
পাঠশালাৰ ৰাজপথত তেওঁলোকে লাভ কৰিছে সাধাৰণ ৰাইজৰ অন্তৰভঙা মৰম আৰু সঁহাৰি। ইয়াৰ মাজতে, পাঠশালা ষ্টেচনৰ সমীপত আমাৰ সাংবাদিকে তেওঁলোকক কাষ চাপি যোৱাৰ লগে লগে, মৰম লগা বৰ্ষীয়ান বাইদেউ গৰাকীয়ে আনন্দতে আপোনপাহাৰা হৈ গায় উঠিছে এটি পুৰণি গীত। AMB। এই বিশেষ সংগ্ৰামী,
দলটোৰ নেতৃত্বত গোলাঘাটৰ এগৰাকী যুঁজাৰু – দীপক হাজৰিকা
২০২০ চনত নিজৰ ঘৰ-মাটি দান দি খুলিছিল দৃষ্টিহীন লোকৰ আশ্ৰম
সম্প্ৰতি ১০ জন দৃষ্টিহীন লোকৰ আশ্ৰয়স্থল দীপকৰ আশ্ৰম
পিতৃ-মাতৃৰ বিয়োগ শোক বুকুত বান্ধি, দৃষ্টিহীন দীপক হাজৰিকাই নিজৰ ঘৰৰ আধা বিঘা মাটি দৃষ্টিহীন লোকসকলৰ নামত দান দি গঢ়ি তুলিছিল আশ্ৰমখন। আচৰিত কথাটো হ’ল, দীপক হাজৰিকা নিজেও দৃষ্টিহীন, তেঁওৰ পত্নীও দৃষ্টিহীন। উল্লেখ্য যে, গোলাঘাট ৰটাৰী ক্লাৱে তেওলোকক ডিক্সপজিবল প্লেট নিৰ্মাণ কৰা এটা মেচিন দান কৰিছিল যদিও, বৰ্তমান সেই মেচিনটো কাৰ্যক্ষম কৰি তুলিবলৈ কিছু আর্থিক অনুদানৰ প্ৰয়োজন। যাতে তেওঁলোকে আন কোনো লোকৰ দয়াৰ পাত্ৰ হৱলগা নহয়, বৰং নিজেই স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰে সমাজত।

দৃষ্টিহীন এই মানুহবোৰৰ বাবে পৃথিৱীখন আন্ধাৰ হ’লেও, তেওঁলোকৰ অন্তৰখন কিন্তু জ্যোতিৰে ভৰা। আন্ধাৰৰ মাজতো দীপক হাজৰিকাৰ দৰে মানুহবোৰে জ্বলাই ৰাখিছে মানবতাৰ অম্লান শিখা। সেয়ে হয়টো পৃথিবীখন ইমান ধুনীয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...

পাকিস্তানক পুনৰ সকীয়ালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে

কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙে...

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...