শ্বিলঙত অসমৰ পৰ্যটক আৱৰ্জনাহে!

0 1,832

সম্পাদক পেট্রিছিয়া মুখিমে নিজৰ কাকতলৈ প্ৰকাশ কৰা ‘মেগি নুডলছ টুৰিজম কিলিং মেঘালয়’ শীর্ষক লেখাত মেঘালয় ভ্ৰমণ কৰা চুবুৰীয়া ৰাজ্য অসমৰ পৰ্যটকৰ বিষয়ে কৰা চৰম অপমানজনক মন্তব্যই পদ্মশ্ৰীপ্ৰাপ্ত সাংবাদিকগৰাকীৰ মানসিকতাৰ প্ৰতি প্ৰশ্নৰ উদয় ঘটাইছে। মেঘালয়ৰ পৰ্যটন ধ্বংস কৰাৰ দায় তেওঁ কিয় অসমৰ পৰ্যটকৰ ওপৰত জাপি দিবলৈ চেষ্টা চলাইছে সেই প্রশ্নও উত্থাপিত হৈছে। কিয়নো দেশ-বিদেশৰ বিভিন্ন পর্যটকে মেঘালয় ভ্রমণ কৰিলেও চুবুৰীয়া ৰাজ্য হিচাপে অসমৰ পৰাই মেঘালয়ে বৃহৎ সংখ্যাত পর্যটক পাই আহিছে, যাৰ বাবে মেঘালয়ৰ পৰ্যটনৰ ৰাজাহলৈও বিশাল অৰিহণা আছে।

সাংবাদিক পেট্রিছিয়া মুখিমৰ মূল আপত্তিয়েই হৈছে মেঘালয়লৈ অসমৰ পৰা বৃহৎ সংখ্যাত পৰ্যটকৰ আগমনৰ বিষয়ত। তেওঁৰ মতে অসমৰ পৰ্যটকে মেঘালয়ত অত্যধিক ভিৰৰ সৃষ্টি কৰে, যাৰ ফলত স্থানীয় বাসিন্দাই সুখেৰে একোটা বন্ধৰ দিনত মুকলিলৈ ওলাই আহিব নোৱাৰে। প্ৰত্যেকটো পৰ্যটনস্থল ইমান বেছি অসমৰ পৰ্যটকৰে ভৰি থাকে, য’ত একোটা সপ্তাহান্তিক অলস দিন স্থানীয় লোকে উপভোগ কৰাৰ কোনো সুযোগেই নাথাকে। অসমৰ যান-বাহনক লৈয়ো পেট্রিছিয়া মুখিমৰ তীব্র আপত্তি। তেওঁৰ মতে অসমৰ পঞ্জীয়নকৃত গাড়ীয়ে মেঘালয়ৰ ৰাজধানী শ্বিলং, বিভিন্ন পর্যটনস্থলত অস্বাভাৱিক যান-জঁটৰ সৃষ্টি কৰে। পেট্রিছিয়া মুখিমৰ মতে, অসমৰ গাড়ীয়ে মেঘালয়ত যি পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া স্থানীয় লোকৰ সহাৰ সীমা অতিক্ৰম কৰিবলৈ যথেষ্ট। সাংবাদিকগৰাকীৰ মতে অসমৰ পৰ্যটকৰ পৰা মেঘালয়ে তেনে বিশেষ ৰাজহ লাভ নকৰে, দোকানী ব্যবসায়ীয়েও বিশেষ একো উপাৰ্জন কৰিব নোৱাৰে। পেট্রিছিয়া মুখিমৰ দাবী, অসমৰ পৰা যোৱা পর্যটকে পথৰ কাষত গেছৰ চিলিণ্ডাৰ পাতি, বাতি-কেৰাহি উলিয়াই লৈ মেগি ৰান্ধি খায়। তেনে দৃশ্য তেওঁ প্ৰায়ে নিজ চকুৰে দেখা বুলি ‘মেগি নুডলছ…’ নামৰ লেখাটোত উল্লেখ কৰিছে। আনকি কাষতে থকা দোকানত মেগি বনাই ৰাখিলেও পেট্রিছিয়া মুখিনৰ মতে অসমৰ পৰ্যটাকে তেনে দোকান-ৰেস্তোৰাত কিনি নাখায়। ফলত মেঘালয়ৰ দোকানী ব্যবসায়ীয়ে অসমৰ পৰ্যটকৰ পৰা ধন আহৰণ কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰে। আনকি যোৱা শনিবাৰেও তেওঁ তেনে দৃশ্য দেখা বুলি লেখাটোত উল্লেখ কৰিছে। অসমৰ তেনে পৰ্যটকক তেওঁ মেঘালয়ৰ দোকান-ৰেস্তোঁৰাৰ পৰা কিয় খাদ্য কিনি নলয় বুলি প্ৰশ্ন কৰিও সদুত্তৰ নোপোৱা বুলি উল্লেখ কৰিছে। মেঘালয়ৰ সৰ্বত্ৰ তেওঁ তেনে দৃশ্য দেখা বুলিও দাবী কৰে।

পেট্রিছিয়া মুখিমে ততোধিক অপমানজনক মন্তব্য কৰি কয় যে, মেঘালয়ৰ ভিতৰুৱা ঠাইত অসমৰ পৰ্যটকে তেওঁলোকৰ অশোভনীয় আচৰণৰ বাবে স্থানীয় লোকৰ পৰা পিটন খায়। তেওঁৰ মতে অসমৰ পৰ্যটকে য’তে-ত’তে গাড়ী ৰাখে, আনৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য নকৰে। ব্যৱহাৰো তেনেই অমার্জিত। সেয়ে তেওঁলোকক ভিতৰুৱা ঠাইত স্থানীয় লোকে মাজে সময়ে উত্তম-মধ্যম দিয়ে। পেট্রিছিয়া মুখিমৰ মতে, অসমৰ পর্যটকে তেনেদৰে পিটন খোৱাটো আচৰিত কথা নহয়।

Leave A Reply

Your email address will not be published.