সুখ-শান্তিৰে উপচি পৰিব আপোনাৰ জীৱন! মহা শিৱৰাত্ৰিত ঘৰলৈ আনক এইকেইবিধ বস্তু

মাজত মাথো কেইটামান ক্ষণ। তাৰ পাছতেই সকলোৱে পালন কৰিব মহা শিৱৰাত্ৰি। বিশ্বাস কৰা হয় যে মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। সোনকালে সন্তুষ্ট হোৱা ভগৱানৰ ভিতৰত মহাদেৱ অন্যতম। সামান্য, বেলপাত, পানী, ধতুৰা ফুল দিলেই সন্তুষ্ট হয় মহাদেৱ। ইয়াৰোপৰি এনে কেইবিধমান বস্তু আছে যিকেইবিধ বস্তু মহাদেৱৰ অত্যন্ত প্ৰিয়। শাস্ত্ৰ অনুসৰি শিৱৰাত্ৰিত এইকেইবিধ বস্তু ঘৰলৈ আনিলেই বহুতো সমস্যাৰ সমাধান পেৱা যায়। লগতে ঘৰলৈ টকা-পইচা আৰু সুখ-শান্তিৰ আগমন ঘটে।

তামৰ ঘট : কোৱা হয় যে মহা শিৱৰাত্ৰিত তামৰ ঘট দি মহাদেৱক প্ৰসন্ন কৰিব পাৰি। পাৰিবাৰিক বিবাদ হৈ থাকিলে ঘৰলৈ তামৰ ঘট আনিব লাগে। এনে কৰিলে সোনকালে বিবাদৰ অন্ত পৰে।

ৰূপৰ নন্দী : নন্দী শিৱৰ বাহন। জ্যোতিষ শাস্ত্ৰ অনুসৰি কোনো মানুহৰ জীৱনত আৰ্থিক স্বচ্ছলতা আনিবলৈ মহা শিৱৰাত্ৰিত ৰূপৰ নন্দী ঘৰলৈ আনিব লাগে। পূজা শেষ হোৱাৰ পাছত লকাৰত নন্দীৰ মূৰ্তিটো ৰাখি থব লাগে।

ৰুদ্ৰাক্ষ : জ্যোতিষ শাস্ত্ৰ অনুসৰি মহা শিৱৰাত্ৰিৰ দিনা ঘৰলৈ আনিব লাগে ৰুদ্ৰাক্ষ। প্ৰথমতে মন্ত্ৰোচ্ছাৰণ কৰি এই ৰুদ্ৰাক্ষক শুদ্ধি কৰি ল’ব লাগে। ৰুদ্ৰাক্ষ ঘৰত ৰাখিলে ঘৰৰ সকলো সংকট দূৰ হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ আন্দোলনৰ প্ৰস্তুতি, আজি বৈঠকত বহিব ইণ্ডিয়া মিত্ৰজোঁট

দুৰ্গাপূজা শেষ হোৱাৰ পিছতে পুনৰ আন্দোলনৰ বাবে সাজু হৈছে...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...