ভূত নে অন্য কিবা? অভিশপ্ত ‘এনাবেল’ৰ প্ৰকৃত কাহিনী জানেনে?

‘এনাবেল’ বোলছবিখনক আটাইতকৈ ভয়ংকৰ ভৌতিক চলচ্চিত্ৰ হিচাপে গণ্য কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে, চলচ্চিত্ৰ নিৰ্মাতাসকলে দাবী কৰিছে যে এই ছবিখন এটা প্ৰকৃত ঘটনাৰ ওপৰত আধাৰিত। কিন্তু ইয়াৰ প্ৰকৃত কাহিনী কি জানেনে?

দৰাচলতে, ১৯৭০ৰ চনত আমেৰিকাত এগৰাকী মাতৃয়ে তেওঁৰ কন্যা ডোনাক জন্মদিনত এটা পুতলা উপহাৰ দিছিল। ডোনাই নাৰ্চিং কৰি আছিল আৰু তেওঁৰ বান্ধৱীৰ সৈতে বাস কৰিছিল। পুতলাটোৰ লগত প্ৰথমকেইদিন ভালে ভালেই গৈছিল। তাৰ পিছত পুতলাটোৱে বহুতো অদ্ভুত আচৰণ কৰিবলৈ ধৰিলে। তেওঁলোকে পুতলাটোক ৰাতি চকীত ৰাখিছিল কিন্তু ৰাতিপুৱা উঠিয়েই তেওঁলোক পুতলাটোক তলত পাইছিল। প্ৰথমতে এয়া তেওঁলোকে তেওঁলোকৰ ভ্ৰম বুলি ভাবিছিল।

কিন্তু তেওঁলোকৰ এই ভূল বেছিদিন নাথাকিল। কিছু সময়ৰ পিছত তেওঁলোকে কিছু আচৰিত অনুভৱ কৰিছিল। মাজে মাজে পুতলাটো ডোনাৰ কোঠাত ৰখা হৈছিল, কিন্তু পোৱা গৈছিল এঞ্জিৰ কোঠাত। ইফালে, ডোনা আৰু এঞ্জিৰ এগৰাকী বন্ধু আছিল, যাৰ নাম আছিল লু। লু’ৱে সন্দেহ কৰিছিল যে এই পুতলাটোত কোনো অশৰীৰী আত্মাই বাস কৰে। ইয়াৰ মাজতে তেওঁলোকৰ কোঠাত এখন কাগজ পোৱা গৈছিল যিখন কাগজত লিখা আছিল ‘হেল্প আচ’।

এই ঘটনাসমূহৰ মাজতে এদিন ডোনাই পুতলাটোৰ হাতখন তেজেৰে লুটুৰি-পুটুৰি হৈ থকা দেখিলে আৰু তাৰ পাছতে ডোনাই এজন পেৰানৰ্মেল ইনভেষ্টিগেটৰৰ সহায় ল’লে। তেতিয়াই পোহৰলৈ আহিল ইয়াৰ ৰহস্য। আচলতে সেই বিল্ডিংটোৰ কাষতে এনাবেল হাইগিন নামৰ সাত বছৰীয়া এজনী কণমানিৰ মৃত্যু হৈছিল।

বিশেষজ্ঞ সকলে জনালে যে এনাবেলৰ আত্মা সেই পুতলাটোৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু সেই আত্মাটো ডোনা আৰু এঞ্জিৰ লগত থাকিব বিচাৰে। এঞ্জি আৰু ডোনাই পুতলাটো তেওঁলোকৰ লগতে ৰখাৰ সিদ্ধান্ত লৈছিল।

এদিন কেৱল লো আৰু এঞ্জি ঘৰত আছিল। কিন্তু ডোনা নথকা স্বত্বেও হঠাতে আন এটা কোঠাৰ পৰা ডোনাৰ চিঞৰ ভাহি আহিছিল। লু যেতিয়া কোঠাটোলৈ সোমাই গৈছিল তেতিয়া কোঠাটোত কোনো নাছিল। তাৰ পাছতে লু’ৱে তেওঁৰ পাছফালে কাৰোবাৰ উপস্থিতি অনুভৱ কৰিলে যিয়ে তেওঁৰ ভৰিত নখেৰে আঘাত কৰি আছিল। লু’ৱে যেতিয়া পাছলৈ ঘূৰি চাইছিল তেতিয়া তাত পুতলাটোক দেখিছিল। লু লগে লগে কোঠাটোৰ পৰা ওলাই গৈছিল। কিন্তু দুদিনৰ ভিতৰতে, দাগবোৰ স্বয়ংক্ৰিয়ভাৱে নাইকিয়া হৈ গৈছিল। তিনিওগৰাকী বান্ধৱীয়ে পেৰানৰ্মেল এক্সপাৰ্ট ৱাৰেন দম্পতীৰ সহায় লৈছিল। ৱাৰেন দম্পতীয়ে তেওঁলোকক জনালে যে পুতলাটোৰ ভিতৰত কোনো শক্তিশালী আত্মাই বাস কৰি আছে।

পুতলাটো ৱাৰেন দম্পতীয়ে তেওঁলোকৰ লগত লৈ গ’ল আৰু তাৰ পাছত তেওঁলোকৰ সংগ্ৰহালয়ত এই পুতলাটো থৈ দিয়া হ’ল। এই পুতলাটো বৰ্তমানেও তেওঁলোকৰ সংগ্ৰহালয়তে আছে আৰু পুতলাটোক স্পৰ্শ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...