আজি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব যোগী আদিত্যনাথে

আজি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব যোগী আদিত্যনাথে। বৃহস্পতিবাৰে বিজেপি বিধায়িনী দলৰ নেতা ৰূপে নিৰ্বাচিত হৈছে আদিত্যনাথ। উপ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব কেশৱ প্ৰসাদ মৌৰ্যই। লক্ষ্ণৌৰ গোমতী নগৰৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব যোগী আদিত্যনাথ। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহো। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এই অনুষ্ঠানত উপস্থিত থাকিব। ড০ শৰ্মাই বিশেষ বিমানযোগে লক্ষ্ণৌলৈ যাব আৰু শপতগ্ৰহণ অনুষ্ঠানৰ সমাপ্তিৰ পিছত পুনৰ গুৱাহাটীলৈ উভতি আহিব। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ৪০৩খন আসনৰ ভিতৰত বিজেপিয়ে ২৭৪খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছে। গোৰখপুৰ সমষ্টিৰ পৰা ৫বাৰকৈ সাংসদৰূপে নিৰ্বাচিত হোৱা যোগী আদিত্যনাথে এইবাৰ গোৰখপুৰ সদৰ বিধানসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১ লক্ষাধিক ভোটত বিজয় সাব্যস্ত কৰিছে। উল্লেখ্য যে, ১৯৫২ চনৰ পিছত কাৰ্যকাল সম্পূৰ্ণ কৰি উত্তৰপ্ৰদেশত একেৰাহে দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱা যোগী আদিত্যনাথ হৈছে প্ৰথমজন মুখ্যমন্ত্ৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ছেইফ আলী খানৰ ঘৰত কাম কৰা দাসীক জেৰা আৰক্ষীৰ…

মহানগৰীৰ অন্যতম অভিজাত অঞ্চল বান্দ্ৰাৰ ঘৰৰ ভিতৰত ছেইফ আলী...

ছেইফ আলী খানৰ ঘৰত আক্ৰমণকাৰীৰ ছবি পোহৰলৈ

এইদৰে অভিনেতাজনক আক্ৰমণ কৰিবলৈ সোমাই আহিছিল ঘৰলৈমাজনিশা ছেইফ আলী...

মহাকাশ গৱেষণাত ভাৰতৰ বৃহৎ সাফল্য

মহাকাশতে ইছৰ’ই সংযুক্ত কৰিলে দুটা উপগ্রহ SDX01 আৰু SDX02 এই...

৩খন বিশ্ববিদ্যালয়ত নামভৰ্তিত নিষেধাজ্ঞা, কিন্তু কিয়?

বিশ্ববিদ্যালয় অনুদান আয়োগে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। ৰাজস্থানৰ ৩খন...