IPLৰ পূৰ্বে ৰাজ্যত ফুটবল জ্বৰ, ঘূৰি আহিছে ফুটবলৰ সোণালী দিন!

দেশজুৰি IPLক লৈ চৰ্চাৰ মাজতে অসমত ক্ৰিকেটৰ সমান্তৰালভাবে আৰম্ভ হৈছে ফুটবল জ্বৰ। ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰথমবাৰলৈ জজ ফিল্ডৰ লগতে কামৰূপৰ কৰৰা মিনি ষ্টেডিয়াম, চিপাঝাৰ আৰু চিৰাং জিলাত একেলগে অনুষ্ঠিত হব মেচ। ৬৮ সংখ্যক এই প্ৰতিযোগিতাৰ খেলসমূহ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ সহযোগত কৰৰা য়ুথ এথলেটিক ক্লাব আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ  উদ্যোগত কৰৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৪টা দলে। আছাম ৰাইফলছ শ্বিলং, আছাম পুলিচ ব্লু ,দৈমালো ক্লাব ওদালগুৰি আৰু দিল্লী FC দলে অংশগ্ৰহণ কৰে। কৰৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত তীব্ৰ উত্তেজনাময় তথা ৰোমাঞ্চকৰ খেলখন অনুষ্ঠিত হয় আচম ৰাইফলছ  শ্বিলং আৰু দৈমালু ক্লাব ওদালগুৰি ফুটবল দলৰ মাজত। নিৰ্ধাৰণ সময়ত গলশূন্যভাবে ড্ৰ হয় এই খেলখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...