মহিলাসকলক সুৰক্ষা প্ৰদানৰ বাবে সক্ৰিয় হৈ উঠিছে উত্তৰ প্ৰদেশৰ আৰক্ষী প্ৰশাসন…

সাৱধান! উত্তৰ প্ৰদেশৰ প্ৰেমিক সকল। যোগী আদিত্যনাথ চৰকাৰে আৰক্ষীক দিছে নতুন নিৰ্দেশনা। মহিলাসকলক সুৰক্ষা প্ৰদানৰ বাবে বিগতে বৰ্ষতে গঠন কৰিছিল এণ্টি-ৰোমিঅ’ স্কোয়াড। চলিতবৰ্ষত যোগী আদিত্যনাথে চৰকাৰ গঠন কৰি ২৬ মাৰ্চত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছতে মহিলাসকলৰ সুৰক্ষাকলৈ পুনৰবাৰ সতৰ্ক হৈ পৰিছে। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ আৰক্ষীক মহিলাৰ সুৰক্ষাৰ ওপৰত কঠোৰ হবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে নয়ডা, গাজিয়াবাদকে ধৰি কেইবাটাও অঞ্চলত টহল দিয়া আৰম্ভ কৰে আৰক্ষীয়ে। নয়ডাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰজনীশ বাৰ্মাই জনোৱা অনুসৰি এণ্টি-ৰোমিঅ’ স্কোয়াডে চলিতবৰ্ষৰ ২ এপ্ৰিলৰ পৰা পুনৰ অভিযান আৰম্ভ কৰিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ইভ-টিজিংৰ ঘটনা সংঘটিত হোৱা ঠাইবোৰত বেছিকৈ গুৰুত্ব দিছে আৰক্ষীয়ে।

জানিব পৰা অনুসৰি মহিলাসকলক সুৰক্ষা প্ৰদানৰ বাবে কেইবাটাও মহিলা আৰক্ষী দল গঠন কৰিছে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে। ১ এপ্ৰিলৰ পৰা মেট্ৰ’ ষ্টেচন, বজাৰ, বিদ্যালয়, মহাবিদ্যালয়, শ্বপিং মলবোৰত নিৰীক্ষণ কৰিছে । ১৫ এপ্ৰিললৈ অব্যাহত থাকিব এই অভিযান৷ এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি যিসকল ব্যক্তিয়ে ৰাজহুৱা স্থানত সুৰাপান কৰে বা মহিলাসকলৰ ওপৰত নিৰ্যাতন কৰা কোনো অভিযোগ থাকিলে সেই সকল ব্যক্তিৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...