কবি নীলমণি ফুকনক প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটাৰ সন্মান

বিহুৰ সময়তে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। এইবাৰ জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হ’ব গুৱাহাটীত। কবি নীলমণি ফুকনক ১১ এপ্ৰিলত প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটাৰ সন্মান। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ হাতত তুলি দিয়া হ’ব দেশৰ সাহিত্য ক্ষেত্ৰৰ সৰ্বশ্ৰেষ্ঠ সন্মান। ১১ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব অনুষ্ঠান। ইয়াৰ পূৰ্বে কেতিয়াও অসমত জ্ঞানপীঠ বঁটা প্ৰদানৰ অনুষ্ঠান আয়োজিত হোৱা নাছিল। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছয় গোস্বামীয়ে দিল্লীৰ বিজ্ঞান ভৱনত গ্ৰহণ কৰিছিল জ্ঞানপীঠ বঁটা। ১১ এপ্ৰিলৰ অনুষ্ঠানৰ পূৰ্বেই গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত নীলমণি ফুকনৰ কবিতাৰে ঠায়ে ঠায়ে লাগিব হ’ৰ্ডি, ষ্টেণ্ডিং। এই অনুষ্ঠানক লৈ এতিয়া আগ্ৰহৰ শেষ নাই। অনুষ্ঠানত কবি নীলমণি ফুকনৰ হৈ ১৫ মিনিটৰ ভাষণ প্ৰদান কৰিব পুত্ৰ অমিতাভ ফুকনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...