দিন হাজিৰা কৰি ৰাতি সমৰ কলাৰ সাধনা; সংগ্ৰামৰ মাজতে ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ওৰাঙৰ আমিৰ উদ্দিনে

দৰিদ্ৰতাক নেওচি কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলেৰে সমৰ কলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ওদালগুৰি জিলাৰ ওৰাঙৰ চুবুৰা-চুবুৰিৰ যুৱ খেলুৱৈ আমিৰ উদ্দিনে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু প্ৰতিযোগিতাত ৪৮ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে খেলুৱৈগৰাকীয়ে।

যোৱা ১৯ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত উশ্বু প্ৰতিযোগিতাত আমিৰ উদ্দিনে ৪৮ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা আমিৰ উদ্দিনে বৰ্তমান জীৱিকাৰ তাগিদাত দিন হাজিৰা কৰে। পৰিয়াল পোহপাল দিয়াৰ বাবে দিনটোৰ অধিকাংশ সময় শ্ৰম কৰাৰ পাছতো সমৰ কলাৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ বাবে নিয়মীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে তেওঁ।

আমিৰে দিনত হাজিৰা কৰি নিশা ৮ বজাৰ পৰা ১১ বজালৈ সমৰ কলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। ওৰাঙৰ প্ৰশিক্ষক নাৰায়ণ শৰ্মা আৰু মুম্বাইৰ প্ৰশিক্ষক আজিজ জয়ছোৱালৰ তত্বাৱধানত তেওঁ কিক্ বক্সিং আৰু উশ্বুৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফলস্বৰূপে আমিৰ উদ্দিনে ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ হৈ কেইবাখনো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰিও ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে তেওঁ।

অৰ্থনৈতিকভাৱে অত্যন্ত দুৰ্বল হোৱা সত্ত্বেও ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যোৱাৰ সপোন দেখা আমিৰ উদ্দিনৰ এতিয়া লক্ষ্য আৰু ডাঙৰ। এদিন দেশৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰি পদক জয় কৰাৰ সপোন বুকুত বান্ধি আগবাঢ়িছে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে।

কিন্তু আৰ্থিক দুৰৱস্থাই তেওঁৰ ক্ৰীড়া যাত্ৰাত বাধাৰ সৃষ্টি কৰিছে। সেয়ে অসম চৰকাৰৰ ওচৰত তেওঁ কাতৰ অনুৰোধ জনাইছে তেওঁক ৰাজ্যখনতে সংস্থাপন দিয়াৰ লগতে উন্নত প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰক, যাতে প্ৰতিভাখিনি অধিক বিকশিত কৰি দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিব পাৰে।

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ সমান্তৰালকৈ নিশা ঘণ্টাৰ পাছত ঘণ্টা প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক অৰ্জন কৰা আমিৰ উদ্দিনৰ এই যাত্ৰাই কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু সপোনৰ এক অনন্য উদাহৰণ দাঙি ধৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ অবৈধ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ শিক্ষাবিভাগ; ২৫ জিলাৰ শতাধিক বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশ

ৰাজ্যৰ নিয়ম-বৰ্হিভূতভাৱে পৰিচালিত ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ...

জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজন ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ...