বিমান অপহৰণৰ ষড়যন্ত্ৰ বিফল, ফ্লাইডুবাইৰ বিমান মৰুভূমিত দুৰ্ঘটনাগ্ৰস্ত কৰাৰ চেষ্টা কৰিছিল সহ-পাইলট হাম্মাম আল-হাম্মামীয়ে

ফ্লাইডুবাইৰ বিমান অপহৰণৰ চেষ্টা বিফল হোৱাৰ পাছত বিমানখন ছৌদি আৰৱৰ মৰুভূমিত দুৰ্ঘটনাগ্ৰস্ত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে বিমানখনৰ ওমানি সহ-পাইলটৰ বিৰুদ্ধে। ইটালীৰ সংবাদপত্ৰ Corriere della Sera-ৰ এক প্ৰতিবেদনত এই চাঞ্চল্যকৰ দাবী।

প্ৰতিবেদন অনুসৰি, ওমানৰ সহ-পাইলট হাম্মাম আল-হাম্মামীয়ে বিমানখনৰ ভাৰতীয় কেপ্টেইন স্মিত মাচ্চাৰক আক্ৰমণ কৰি বিমানখনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ লোৱাৰ চেষ্টা কৰিছিল। তেওঁৰ পৰিকল্পনা আছিল বিমানখন ইজৰাইলৰ তেল আভিভলৈ লৈ গৈ চহৰখনৰ কোনো এটা সুউচ্চ অট্টালিকাত খুন্দিয়াই দিয়া।

ইজৰাইলী চোৰাংচোৱা সংস্থাৰ তথ্যৰ উদ্ধৃতি দি সংবাদপত্ৰখনে দাবী কৰা মতে, কেপ্টেইন স্মিত মাচ্চাৰক হত্যা কৰি বিমানখন তেল আভিভলৈ লৈ যোৱাই আছিল সহ-পাইলটজনৰ মূল পৰিকল্পনা। কিন্তু সেই পৰিকল্পনা সফল নহ’ব বুলি বুজি পোৱাৰ পাছত তেওঁ বিমানখন ছৌদি আৰৱৰ মৰুভূমিত দুৰ্ঘটনাগ্ৰস্ত কৰাৰ চেষ্টা কৰে।

অভিযোগ অনুসৰি, আল-হাম্মামীয়ে বিমানখনৰ অটোপাইলট বন্ধ কৰি নিয়ন্ত্ৰণৰ ষ্টিক তললৈ ঠেলি দিয়ে। ইয়াৰ ফলত মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰতে বিমানখনে প্ৰায় ১৬,০০০ ফুট উচ্চতা হেৰুৱাই মাটিৰ দিশে দ্ৰুতগতিত নামিবলৈ আৰম্ভ কৰে।

ইয়াৰ মাজতে সহ-পাইলটজনে বিমানখনৰ নিয়ন্ত্ৰণ ব্যৱস্থাও ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টা চলায় বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে। অৱশেষত বিমানখনৰ যাত্ৰীসকলে তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পেছাত প্লাম্বাৰ ইয়ানিভ হায়ুনে নিয়ন্ত্ৰণৰ ষ্টিকটো নিজৰ ফালে টানি ধৰি বিমানখনৰ অধিক উচ্চতা হ্ৰাস পোৱাত বাধা দিয়ে।

পাছত কৰ্তব্যৰত নথকা দুজন পাইলটে বিমানখনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ লৈ লয় আৰু বিমানখন নিৰাপদে অৱতৰণ কৰাবলৈ সক্ষম হয়। আক্ৰমণত আহত কেপ্টেইন স্মিত মাচ্চাৰক চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে, সহ-পাইলট হাম্মাম আল-হাম্মামীক ছৌদি আৰৱৰ কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়।

ইজৰাইলে ঘটনাটো সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে গণ্য কৰি তদন্ত আৰম্ভ কৰিছে। বিশেষকৈ ইজৰাইলৰ সৈতে কূটনৈতিক সম্পৰ্ক নথকা ওমানৰ এজন পাইলটক কেনেদৰে তেল আভিভলৈ বিমান উৰুৱাবলৈ অনুমতি দিয়া হৈছিল আৰু দেশখনৰ নিৰাপত্তা ব্যৱস্থা কেনেদৰে অতিক্ৰম কৰা হ’ল, সেই বিষয়টোও তদন্ত কৰা হৈছে।

উল্লেখ্য, এই ঘটনাৰ বিষয়ে প্ৰকাশিত তথ্যসমূহ সংবাদ প্ৰতিবেদন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ দাবীৰ ওপৰত আধাৰিত; তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অভিযোগসমূহ নিশ্চিত তথ্য হিচাপে গণ্য কৰিব নোৱাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ অবৈধ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ শিক্ষাবিভাগ; ২৫ জিলাৰ শতাধিক বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশ

ৰাজ্যৰ নিয়ম-বৰ্হিভূতভাৱে পৰিচালিত ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ...

জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজন ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ...