অইল ইণ্ডিয়া লিমিটেড (OIL), অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন (ONGC) আৰু অসম গেছ কোম্পানী লিমিটেড (AGCL)-ৰ তেল-গেছ স্থাপনা, পাইপলাইন আদিৰ সুৰক্ষাৰ দায়িত্বত দীৰ্ঘদিন ধৰি নিয়োজিত হৈ অহা সুৰক্ষা কৰ্মীসকলৰ অধিকাৰ আৰু প্ৰাপ্যক লৈ টিংখাঙৰ শালমাৰী-দিঘলীয়াত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয়।
সভাখনত ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সহস্ৰাধিক তেল-গেছ সুৰক্ষা কৰ্মী উপস্থিত থাকে। দীৰ্ঘদিন ধৰি সুৰক্ষা সেৱাত নিয়োজিত হৈ থকা কৰ্মীসকলক শ্ৰমিকৰ মৰ্যাদা প্ৰদান আৰু উচিত মজুৰি তথা অন্যান্য সা-সুবিধা নিশ্চিত কৰাৰ দাবীত ঐক্যমত গঠনৰ উদ্দেশ্যেৰে এই সভা অনুষ্ঠিত কৰা হয়।
সুৰক্ষা কৰ্মীসকলৰ অভিযোগ অনুসৰি, প্ৰায় ১৫ শতাধিক কৰ্মীক অইল কৰ্তৃপক্ষই VDP-ৰ আওতাত ৰাখি দৈনিক মাত্ৰ ১০০ টকা মজুৰিত নিয়োজিত কৰি আহিছিল। তেল-গেছৰ স্থাপনা আৰু পাইপলাইন সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে দুৰ্গম আৰু স্পৰ্শকাতৰ এলেকাতো নিজৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি থকা ভাবুকিক আওকাণ কৰি কৰ্মীসকলে দায়িত্ব পালন কৰি আহিছে বুলি সভাত উল্লেখ কৰা হয়।
উচিত মজুৰি আৰু প্ৰাপ্য অধিকাৰৰ দাবীত সুৰক্ষা কৰ্মীসকলে পূৰ্বৰে পৰা ধাৰাবাহিকভাৱে দাবী উত্থাপন কৰাৰ লগতে বিভিন্ন আন্দোলনমূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
ইফালে, শেহতীয়াকৈ অসম চৰকাৰৰ গৃহ (A) বিভাগে এইসকল সুৰক্ষা কৰ্মীক VDP-ৰ পৰা পৃথক কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। কিন্তু ইয়াৰ পাছতো তেওঁলোকক ‘তেল সুৰক্ষা স্বেচ্ছাসেৱক’ হিচাপে নামকৰণ কৰাৰ বিষয়টোক লৈ কৰ্মীসকলে অসন্তুষ্টি প্ৰকাশ কৰে। ‘স্বেচ্ছাসেৱক’ শব্দটোৱে কৰ্মীসকলৰ চাকৰি আৰু ভৱিষ্যৎ পুনৰ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব পাৰে বুলি তেওঁলোকে মত প্ৰকাশ কৰে।
সভাত কৰ্মীসকলে ‘স্বেচ্ছাসেৱক’ৰ পৰিৱৰ্তে ‘তেল সুৰক্ষা কৰ্মী’ হিচাপে স্বীকৃতি দি শ্ৰমিকৰ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰে। লগতে পাঁচ বছৰৰ অধিক অভিজ্ঞতা থকা কৰ্মীসকলক OIL/ONGC-ত চুক্তিভিত্তিক অথবা স্থায়ী পদত নিয়োগৰ বাবে এক সুনিৰ্দিষ্ট নীতি প্ৰস্তুত কৰাৰ দাবী জনায়।
ইয়াৰ উপৰি শ্ৰম আইন অনুসৰি ন্যূনতম মজুৰি প্ৰদান, প্ৰতিমাহে payslip প্ৰদান আদি কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকলৈ প্ৰেৰণ কৰা হয়।
সভাত সহস্ৰাধিক সুৰক্ষা কৰ্মীৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতৃবৃন্দও উপস্থিত থাকে আৰু কৰ্মীসকলৰ দাবীৰ প্ৰতি সমৰ্থন আগবঢ়ায়।
ৰাষ্ট্ৰীয় সম্পদৰ সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত কৰ্মীসকলৰ ভৱিষ্যৎ কৰ্মজীৱন শ্ৰমিকৰ মৰ্যাদা আৰু সামাজিক নিৰাপত্তাৰে সুৰক্ষিত কৰাৰ বাবে সুনিৰ্দিষ্ট নীতি গ্ৰহণ নকৰিলে পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ক্ষুব্ধ সুৰক্ষা কৰ্মীসকলে।
